গুৱাহাটী,9 ছেপ্তেম্বৰঃ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলত যোগদানৰ উজান উঠিছে ৷ মূলত: নিৰ্বাচন খেলাৰ লক্ষ্যৰেই বিভিন্ন ৰাজনৈতিক দলত যোগ দিছে বহু নেতা পালিনেতাই ৷ বুধবাৰে দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ যোগদান কাৰ্যসূচী । এই অনুষ্ঠানত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা,সাংসদ গৌৰৱ গগৈকে ধৰি বহুকেইজন নেতা ৷
দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত শতাধিক লোকৰ কংগ্ৰেছত যোগদান - প্ৰদেশ কংগ্ৰেছ
অসম বিধানসভা নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ তৎপৰতা বৃ্দ্ধি পাইছে ৷ কংগ্ৰেছ ,বিজেপি,অগপ দলত যোগদান কৰিছে বহু শিল্পী,ৰাজনৈতিক দলৰ প্ৰাক্তন নেতা কৰ্মীয়ে ৷

দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছত যোগদান কাৰ্যসূচী
দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছত যোগদান কাৰ্যসূচী
উল্লেখযোগ্য যে,উক্ত অনুষ্ঠানত কংগ্ৰেছ দলত যোগদান কৰে বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণ,ৰঙাপাৰাৰ ২০১১ৰ বিজেপিৰ প্ৰাৰ্থী তথা অসম সেনাৰ নেতা নিৰঞ্জন নাথৰ লগতে বহু শিল্পী,অধিবক্তা আৰু অগপ দলৰ পৰা অহা সদস্য সহ প্ৰায় শতাধিক লোকে যোগদান কৰে কংগ্ৰেছ দলত ৷
লগতে পঢ়কঃ জোনাইত প্ৰশাসনৰ ক’ৰণাৰ বিৰুদ্ধে সজাগতা সভাৰ আয়োজন