গুৱাহাটী, 7 নৱেম্বৰঃ কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী নিৰ্দেশত ৰাজ্যৰ NRC আৰু কেব সন্দৰ্ভত আলোচনাত বহিছে ৰাজ্যৰ কংগ্ৰেছ নেতা আৰু কাৰ্যকৰ্তা ৷ বুধবাৰে সংবাদমেল সম্বোধন কৰি এনেদৰে মন্তব্য কৰে কংগ্ৰেছৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশে ৷ তেওঁ লগতে কয়, কেব উত্তৰ-পূব বিৰোধী । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কেবক কোনো ধৰণে সমৰ্থন নকৰে । কেব গৃহীত হ'লে অসমৰ লগতে উত্তৰ-পূবৰ বাসিন্দাৰ বাবে বিপদজনক হ'ব । বিজেপিয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে কেব গৃহীত কৰিব বিচাৰিছে । কংগ্ৰেছৰ বাবে অসমত NRC কাম সম্পূৰ্ণ হৈছে । অসম চুক্তিৰ আধাৰত NRC কাম সম্পূৰ্ণ হৈছে ।
কেব উত্তৰ-পূব বিৰোধীঃ জয়ৰাম ৰমেশ - অমিত শ্বাহ
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কেবক কোনো ধৰণে সমৰ্থন নকৰে । কেব গৃহীত হ'লে অসমৰ লগতে উত্তৰ-পূবৰ বাসিন্দাৰ বাবে বিপদজনক হ'ব
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমত NRC সন্দৰ্ভত একো নকয় যদিও অন্যান্য ৰাজ্যত বহু ডাঙৰ ডাঙৰ কথা কয় । প্ৰধানমন্ত্ৰীয়ে নিজৰ বন্ধু আদানিৰ হাতত ছয়টা বিমান বন্দৰ বিক্ৰী কৰিছে । মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ নিৰ্বাচনত এটা কথা গম পোৱা গৈছে যে, ভাৰতবৰ্ষৰ আৰ্থিক বিকাশ নোহোৱা বাবে কোনো লোকে কোনো ক্ষেত্ৰত বিনিয়োগ কৰিব নিবিচাৰে । ধাৰা ৩৭০ বাতিল কৰা হৈছে আৰু গৃহমন্ত্ৰীয়ে ধাৰা ৩৭১ৰ দোহাৰ দি কেব আনিবলৈ বিচাৰিছে । প্ৰধানমন্ত্ৰী মোডীয়ে নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে চিবি আই, ই ডি আৰু আয়কৰ বিভাগক ব্যৱহাৰ কৰি আছে । জি এছ টি আৰু নোট বন্দী জনসাধাৰণৰ বাবে এটা ক্ষতিকাৰক দিশ হিচাপে পৰিগণিত হৈছে । উত্তৰ-পূবত অহা পাঁচজনীয়া কংগ্ৰেছৰ দলত আছে AICCৰ সাধাৰণ সম্পাদক মুকুল ৱাষ্মিক, পূৰ্ব কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশ, মানিকান্ত টাইগৰ, AICC ৰ প্ৰবক্তা মহম্মদ খান আৰু পূৰ্ব গৃহ ৰাজ্য মন্ত্ৰী মানিক কাম টাইগাৰ ।