অসম

assam

By

Published : Feb 8, 2020, 9:05 PM IST

ETV Bharat / state

কংগ্ৰেছৰ 'জেল ভৰো' আন্দোলনত দুই শতাধিক প্ৰতিবাদকাৰী আটক

শনিবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কম্প্লেক্সৰ পৰা 'জেল ভৰো' শীৰ্ষক এক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰে ৷ এই কাৰ্যসূচীত তৰুণ গগৈসহ অংশগ্ৰহণ কৰে কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই ৷

দুই শতাধিক প্ৰতিবাদকাৰী আটক
দুই শতাধিক প্ৰতিবাদকাৰী আটক

গুৱাহাটী, 8 ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ লগতে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম, জুৱেৰ আলম আৰু অন্যান্য যুৱ সদস্যক বিনা চৰ্তে মুক্তিৰ দাবীত শনিবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত, গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা 'জেল ভৰো' আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰে ৷ কাৰ্যসূচীত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তৰুণ গগৈ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইন, প্ৰাক্তন বিধায়ক অকণ বৰা, ভাৰতীয় জাতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰী নিবাসসহ কেইবাগৰাকীও ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

কংগ্ৰেছৰ 'জেল ভৰো' আন্দোলন, আটক প্ৰতিবাদকাৰী

উল্লেখ্য যে, মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা উলিওৱা এই প্ৰতিবাদী সমদলক আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ ফলত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হয় ৷ আৰক্ষীয়ে ভাৰতীয় জাতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰী নিবাস, অসম প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি, সাধাৰণ সম্পাদককে ধৰি দুই শতাধিক প্ৰতিবাদকাৰীক আটক কৰে ৷

লগতে পঢ়ক ঃ কাকপথাৰত CAA বাতিলৰ দাবীত শহস্ৰাধিক ৰাইজৰ উপস্থিতিত 'গণ গৰ্জন' কাৰ্যসূচী

ABOUT THE AUTHOR

...view details