গুৱাহাটী, ২৭ এপ্ৰিল :অসমৰ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে প্ৰদেশ কংগ্ৰেছে (Lok Sabha Election 2024) । লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ৰুদ্ধদ্বাৰ বৈঠক আৰম্ভ হৈছে (AICC General secretary Jitendra Singh) । দুদিনীয়া কাৰ্যসূচীৰে চলিব এই বৈঠক ।
বৃহস্পতিবাৰে ৫ টা লোকসভা সমষ্টিৰ অন্তৰ্গত দলীয় নেতৃবৃন্দৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব । আনহাতে, শুকুৰবাৰে ৬ টা লোকসভা সমষ্টিৰ অন্তৰ্গত দলীয় নেতৃবৃন্দৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব (congress meeting on Lok Sabha polls preparation) । বৃহস্পতিবাৰে সন্ধিয়া অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত গুৱাহাটীৰ এখন হোটেলত বিৰোধী দলসমূহৰ লগত বৈঠক অনুষ্ঠিত হ'ব (Lok Sabha polls preparation meets of Congress) ।
অৱশ্যে এই বৈঠকলৈ বিৰোধী দল এআইইউডিএফক আমন্ত্ৰণ জনোৱা হোৱা নাই । এই সন্দৰ্ভত বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে সাংবাদিকৰ আগত কয় যে, অসমত আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে এআইইউডিএফৰ সৈতে কোনো মিত্ৰতা নহয় । এই কথা ইতিমধ্যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই স্পষ্ট কৰিছে । তেওঁ কয়, ‘‘এআইইউডিএফৰ নেতৃত্বই যিবোৰ কথা কৈ আছে তাৰ লগত কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই । যাৰ বাবে এই বৈঠকত বিৰোধী দল এআইইউডিএফক আমন্ত্ৰণ জনোৱা হোৱা নাই ।’’