অসম

assam

গুৱাহাটীৰ হোটেল পেলাচিঅ'ত কংগ্ৰেছৰ আসনৰ ভাগ-বটোৱাৰাক লৈ ৰুদ্ধদ্বাৰ বৈঠক

By

Published : Mar 5, 2021, 7:17 PM IST

প্ৰাৰ্থী বাচনি কৰাৰ ক্ষেত্রত বহুকেইটা সমষ্টিত জটিলতাৰ সৃষ্টি হৈছে কংগ্ৰেছৰ । আসন এৰি দিয়াৰ প্ৰসংগক লৈয়ো ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে দলৰ শীৰ্ষ নেতৃত্বৰ লগতে তৃণমূল পৰ্যায়ত । বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত কংগ্ৰেছৰ দখলত থকা এটাও সমষ্টি এৰি দিয়াৰ পক্ষপাতি নহয় সাংসদ আব্দুল খালেক। প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাতে দেখা দিছে কংগ্ৰেছত ।

congress-in-hotel-pelecio
congress-in-hotel-pelecio

গুৱাহাটী,০৫ মাৰ্চঃ বিগত তিনি দিন ধৰি কংগ্ৰেছৰ নিৰ্বাচনী স্ক্ৰীনিং কমিটীয়ে গুৱাহাটীত বাহৰ পাতি এখনৰ পাছত এখন বৈঠকত মিলিত হৈছে যদিও চূড়ান্ত কৰিব পৰা নাই প্ৰাৰ্থী তালিকা । বুধবাৰে গুৱাহাটীৰ গ্ৰীনউড ৰিজৰ্টত নিৰ্বাচনী কমিটীৰ বৈঠক অনুষ্ঠিত হোৱাৰ পাছৰে পৰাই স্ক্ৰীনিং কমিটীৰ বৈঠক অনুষ্ঠিত হৈ আহিছে । শুকুৰবাৰে পুৱাৰে পৰাই হোটেল পেলাচিঅ'ত স্ক্ৰীনিং কমিটীৰ বৈঠক চলি আছে যদিও কোনো তালিকা নাইবা আসন ভাগ বটোৱাৰাৰ কথা আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা হোৱা নাই। দলীয় সূত্রই জনোৱা মতে মহাজোঁটৰ অংশীদাৰ বি পি এফক বি টি আৰৰ ১২ খন আসন এৰি দিয়া হৈছে যদিও কেইবাখনো আসনক লৈ দলীয় কৰ্মীৰ অসন্তুুষ্টি আছে । ইফালে অংশীদাৰ দল এ আই ইউ ডি এফক ২৫ খন আসন এৰি দিয়াৰ কথা কোৱা হৈছে যদিও ৮ খন আসনত কংগ্ৰেছে বন্ধুত্বমূলক ভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কৈছে । আসন ভাগ বটোৱাৰাক লৈ দুয়োটা দল সহমতত এতিয়াও উপনীত হোৱা নাই ।

সেইদৰে চি পি আই (এম)ক দুখন সৰভোগ আৰু ৰঙিয়া, চি পি আইক মৰিগাঁও আৰু চি পি আই (এম এল)ক বিহালী সমষ্টি এৰি দিয়া হৈছে । ইফালে অংশীদাৰ দল আঞ্চলিক গণ মৰ্চাই প্ৰথম অৱস্থাত ১০খন আসন বিচাৰিছিল যদিও শেহতীয়াকৈ দিছপুৰ আৰু পশ্চিম গুৱাহাটীকে ধৰি ছয়টা সমষ্টি বিচাৰিছে । ইয়াৰ বিপৰীতে কংগ্ৰেছে গণ মৰ্চাক এখন বা দুখন আসন দিব বিচাৰিছে । যাৰ বাবে আসন বুজাবুজিৰ ক্ষেত্রত সৃষ্টি হোৱা জটিলতা এতিয়াও অব্যাহত আছে। অৱশ্যে সমষ্টি বুজাবুজি প্ৰক্ৰিয়া সম্পূৰ্ণ হলেও পৰিস্থিতি সাপেক্ষে সমীকৰণ সলনি হোৱাৰো সম্ভাৱনা আছে । মহাজোঁটৰ মাজত আসন বুজাবুজি চূড়ান্ত নোহোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰাৰ্থী তালিকা কোনো এটা দলেও প্ৰকাশ কৰা নাই । প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ বাবে কংগ্ৰেছৰ স্ক্ৰীনিং কমিটীৰ বৈঠক অনুষ্ঠিত হৈ আছে আৰু এই বৈঠকত আছে কমিটীৰ অধ্যক্ষ পৃথিৱীৰাজ চৱনৰ সৈতে আন সদস্য সকল । আসন বুজাবুজি সম্পূৰ্ণ হোৱ‍াৰ পাছতেই স্ক্ৰীনিং কমিটীয়ে প্ৰাৰ্থী তালিকা এ আই চি চিৰ নিৰ্বাচন কমিটীলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব । তাৰ পাছতেই কংগ্ৰছে আনুষ্ঠানিকভাৱে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব । ইফালে প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱাৰ পূৰ্বেই আজি কংগ্ৰেছত যোগদান কৰে টি এম পি কেৰ প্ৰাক্তন উপ-সভাপতি পদ্মলোচন দলেই । দলেৰ যোগদানৰ লগে লগে ঢকুৱাখনাৰ ৰাজনৈতিক পট পৰিবৰ্তন হোৱাৰ সম্ভাৱনা আছে । টিকটৰ পৰা বঞ্চিত হ'ব পাৰে ভৰত নৰহ ।

সেইদৰে বিজেপি মিত্রদলৰ পৰা টিকট লাভৰ পৰা বঞ্চিত হোৱাটো প্ৰায় নিশ্চিত হোৱা বিধায়ক সত্যব্ৰত কলিতাক কমলপুৰ সমষ্টি দিয়াৰ কথাও কংগ্ৰেছৰ বৈঠকত চৰ্চিত হৈছে । ইফালে বঢ়মপুৰত বিজেপিয়ে নিজা প্ৰাৰ্থী দিয়াটো নিশ্চিত হোৱাত সমষ্টিটোত ১৯৮৫ চনৰ পৰা প্ৰতিনিধিত্ব কৰি অহা প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্তই মহাজোঁটৰ অংশীদাৰ হোৱাৰ বাবে কংগ্ৰেছৰ লগত যোগাযোগ কৰিছে । এই ক্ষেত্রত কংগ্ৰেছেও যোগাযোগত আছে আৰু যি কোনো সময়ত পৰিবেশ সলনি হ'ব পাৰে। এই পৰিস্থিতিত মহাজোঁটৰ নিৰ্বাচনী সমীকৰণ আৰু সলনি হোৱাৰ সম্ভাৱনা আছে । আনহাতে আসন বুজাবুজি আৰু প্ৰাৰ্থী তালিকা প্ৰস্তুতৰ সাম্ভাৱ্য তালিকাক লৈ কংগ্ৰেছত ব্যাপক সংঘাতৰ সৃষ্টি হৈছে । সাংসদ আব্দুল খালেকে সংবাদ মাধ্যমৰ আগত একপ্ৰকাৰ ক্ষোভ প্ৰকাশ কৰি কয়-' যোগ্যজনক প্ৰাৰ্থীত্ব দিব লাগে । দলত অৰিহণা থকাজনক বঞ্চিত কৰিব নালাগে । বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত কংগ্ৰেছৰ দখলত থকা এটাও সমষ্টি এৰি দিয়াৰ মই পক্ষপাতি নহয় । বৰপেটা সদৰ কোনো কাৰণতে এৰি দিয়াটো নিবিচাৰো ।' দলীয় নেতাৰ বক্তব্যৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে কংগ্ৰছৰ কেইবাজনো বিধায়কে এইবাৰ টিকট নাপাব পাৰে । উল্লেখ যে কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটবন্ধন হ'ল যদিও সমষ্টি ভাগ বটোৱাৰা আৰু প্ৰাৰ্থী বাচনিক লৈ বিশেষভাৱে সংকটত পৰিছে কংগ্ৰেছ । প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাৰ সম্ভাৱনা আছে ।

লগতে পঢ়কঃ ভৱানীপুৰত মমতাৰ বিৰুদ্ধে বাবুল সুপ্ৰিয়

ABOUT THE AUTHOR

...view details