অসম

assam

ETV Bharat / state

Himanta Biswa Militant link: মুখ্যমন্ত্ৰীক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰৰ দাবীৰে কংগ্ৰেছৰ প্ৰতিবাদ - মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবীৰে কংগ্ৰেছৰ অনশন

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰৰ দাবীৰে কংগ্ৰেছৰ অনশন কাৰ্যসূচী ৷ গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্টিত হৈছে এই অনশন কাৰ্যসূচী ৷

Congress on hunger strike
মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবীৰে কংগ্ৰেছৰ অনশন কাৰ্যসূচী

By

Published : Jun 14, 2023, 1:56 PM IST

মুখ্যমন্ত্ৰীক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰৰ দাবীৰে অনশন

গুৱাহাটী, 14 জুন : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰৰ দাবীৰে অনশন কাৰ্যসূচী অসম কংগ্ৰেছৰ । বুধবাৰে পুৱা 10 বজাৰ পৰা ৰাজীৱ ভৱনত অনুষ্ঠিত হয় প্ৰদেশ কংগ্ৰেছৰ অনশন কাৰ্যসূচী । অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰি বৰাই কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যি গুৰুতৰ অভিযোগ উত্থাপন হৈছে এই অভিযোগ মুঠেই ভিত্তিহীন নহয় ৷ কংগ্ৰেছ দলে বহু আগৰে পৰা এই দাবী উত্থাপন কৰি আহিছে । বৰাই লগতে কয় যে, 2017 চনত মণিপুৰত নিৰ্বাচন জিকিবৰ বাবে কুকি উগ্ৰপন্থীৰ সহায় লোৱাৰ তথ্য পোহৰলৈ আহিছে আৰু সেই কুকি উগ্ৰপন্থী সংগঠনৰ লগত মেইটেইসকলৰ সংঘৰ্ষত প্ৰায় 100 তকৈ অধিক লোক নিহত হৈছে ।

তেনেকুৱা এটা সশস্ত্ৰ সংগঠনৰ সৈতে গোপনে বুজাবুজি কৰি বিজেপিক নিৰ্বাচন জিকোৱাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা মুখ্যমন্ত্ৰীক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী জনায় সভাপতি ভূপেন বৰাই । তেওঁ লগতে কয় যে বিজেপিয়ে নিৰ্বাচন জিকিবৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে । আনকি সংবিধান ভৰিৰে মোহাৰি অসংবিধানিক কাম পৰ্যন্ত কৰিব পাৰে বুলিও তেওঁ কয় । অতবোৰ ৰাজহুৱা প্ৰমাণ থকাৰ পাচতো কিয় অসমৰ মুখ্যমন্ত্ৰীক এতিয়ালৈ গ্ৰেপ্তাৰ কৰা নাই বুলি সভাপতিগৰাকীয়ে প্ৰশ্ন তোলে । যদি মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা নহয় তেন্তে ৰাজ্যজুৰি বিৰোধীয়ে উমৈহতীয়াকৈ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।

উল্লেখ্য যে, মণিপুৰত উগ্ৰপন্থীৰ সহায়ত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে ৷ উগ্ৰপন্থী আৰু বিজেপিৰ মাজত বুজাবুজি হিমন্ত বিশ্ব শৰ্মা আৰু ৰাম মাধৱৰ জৰিয়তে সম্পন্ন হৈছিল বুলি তথ্য পোহৰলৈ আহিছে ৷ মণিপুৰৰ এটা উগ্ৰপন্থী সংগঠনৰ নেতাৰ পত্ৰত প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্য ৷ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজৰ সংঘাতত মণিপুৰ জৰ্জৰিত হৈ থকা সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী সন্দৰ্ভত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ৷

ইণ্ডিয়া টুডেত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি , 2017 চনত কুকি উগ্ৰপন্থী সংগঠনৰ সহযোগতেই মণিপুৰত শাসনভাৰ লাভ কৰিছিল বিজেপিয়ে ৷ মুখ্যমন্ত্ৰী হৈছিল এন বীৰেন সিঙ ৷ এই কথা 2019 চনতেই গৃহমন্ত্ৰী অমিত শ্বাহক পত্ৰযোগে অৱগত কৰিছিল কুকি উগ্ৰপন্থী সংগঠনৰ নেতাই ৷ শেহতীয়াকৈ ইউনাইটেড কুকি লিবাৰেশ্যন ফ্ৰণ্টৰ অধ্যক্ষ এছ এছ হাওকিপে নিয়া আদালতত দাখিল কৰা এক শপতনামাত সংযোগ কৰিছে এই বিস্ফোৰক পত্ৰখন ৷ যুদ্ধবিৰতিত থকা উগ্ৰপন্থী সংগঠনটোৰ নেতাই আদালতত দাখিল কৰা শপতনামা অনুসৰি , 2017 চনত তেওঁৰ সংগঠনৰ লগতে ইউনাইটেড পিপ’ল ফ্ৰণ্ট নামৰ আন এটা কুকি সংগঠনে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি নেতা ৰাম মাধৱৰ লগত এক বুজাবুজি চুক্তি সম্পন্ন কৰিছিল ৷ সেই বুজাবুজি অনুসৰিয়ে বিজেপি প্ৰাৰ্থীক বিজয়ী হোৱাত কুকি উগ্ৰপন্থী সংগঠনকেইটাই সহায় কৰাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক :Manipur Violence: মণিপুৰৰ দুই কুকী বিদ্ৰোহী গোটৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

ABOUT THE AUTHOR

...view details