গুৱাহাটী, 28 জানুৱাৰী :কংগ্ৰেছ হাইকমাণ্ডৰ দৃষ্টিত হঠাৎ গুৰুত্ব বৃদ্ধি পাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ সাংসদ পুত্ৰ গৌৰৱ গগৈৰ । যিসময়ত ৰাজ্যত নিৰ্বাচন কেন্দ্ৰীক বতাহ ক্ৰমাৎ গৰম হৈ উঠিছে সেই সময়তে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক প্ৰায় একাষৰীয়া কৰি সাংসদ গৌৰৱ গগৈক অধিক গুৰুত্ব প্ৰদান কৰা ঘটনা কংগ্ৰেছ দলৰ বাহিৰে-ভিতৰে চৰ্চাৰ বিষয়ো হৈ পৰিছে ।
আনকি, ৰাজনৈতিক মহলত কংগ্ৰেছ দলে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰি আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজা বুলিও একপ্ৰকাৰ চৰ্চা হৈছে ৷ ইফালে, আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অলপতে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে অসমৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ সমিতি গঠন কৰি দিছে । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে এক নিৰ্দেশ যোগে গঠন কৰা সমিতি কেইখনৰ অধিকাংক্ষতে অন্তৰ্ভুক্ত কৰা হৈছে সাংসদ গৌৰৱ গগৈক ।
লগতে পঢ়ক :উদুলি-মুদুলি বঢ়াৰপোৰ জন্মভূমি লেটেকুপুখুৰী