অসম

assam

ETV Bharat / state

GMC Election 2022 results : শূণ্য জোলোঙাৰে ধূলিৰ লগত মিলি গ’ল কংগ্ৰেছ - ধূলিস্যাৎ হ’ল কংগ্ৰেছ দল

দেওবাৰে ঘোষণা কৰা হ’ল বহু প্ৰতীক্ষিত গুৱাহাটী পৌৰ নিগম(GMC election 2022) ৰ নিৰ্বাচনৰ ফলাফল ৷ পুৱা 8 বজাৰে পৰা গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া (Counting of votes for GMC election 2022 begins)৷ লোকসভা নিৰ্বাচন, বিধানসভা নিৰ্বাচন, পৌৰসভা নিৰ্বাচন - সকলোতে ধূলিস্যাৎ হ’ল কংগ্ৰেছ দল ৷ পৌৰ নিৰ্বাচনত এখনো আখন নিজৰ দখলত ৰাখিব নোৱাৰিলে কংগ্ৰেছ দলটোৱে ৷

ধূলিস্যাৎ হ’ল কংগ্ৰেছ দল
ধূলিস্যাৎ হ’ল কংগ্ৰেছ দল

By

Published : Apr 24, 2022, 4:24 PM IST

গুৱাহাটী, ২৩ এপ্ৰিল : আভিধানিক অৰ্থত বা ব্যৱহাৰিক অৰ্থত ‘ধূলিস্যাৎ’ হৈ যোৱা বুলিলে যি বুজা যায়গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন (GMC Election 2022)তো ঠিক সেইটোৱেই অৱস্থা হ'ল কংগ্ৰেছ দলৰ । গুৱাহাটী পৌৰ নিগমৰ মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত এটা ৱাৰ্ডতো জিকিব নোৱাৰিলে কংগ্ৰেছ । দেওবাৰে পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ল (GMC Election 2022 results) ।

৬০ খন আসনৰ ভিতৰত ৫৮ খনেই বিজেপি-অগপ মিত্ৰজোঁটে লাভ কৰিলে । একোখনকৈ আসন পালে অসম জাতীয় পৰিষদ আৰু আম আদমি পাৰ্টী (আপ) এ । কংগ্ৰেছলৈ নাথাকিল এখনো আসন । শূণ্য জোলোঙাৰে কংগ্ৰেছ থমকি ৰ’বলগীয়া হ'ল (congress got zero seat in GMC election ) ।

কোনেও হয়তো ভবা নাছিল ভাৰতবৰ্ষৰ ১৩৭ বছৰীয়া এই ৰাজনৈতিক দলটোৰ এদিন এনে এক দশা হ’ব ।

কি লোকসভা নিৰ্বাচন, কি বিধানসভা নিৰ্বাচন, কি পৌৰসভা নিৰ্বাচন সকলোতে এফালৰ পৰা জহিখহি আহি আহি এইবাৰ গুৱাহাটী পৌৰ নিৰ্বাচনত শতিকা প্ৰাচীন দলটো একেবাৰে নিঃচিহ্নই হৈ গ’ল । পৌৰ নিগমৰ নিৰ্বাচনত মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৪ টাতেই কংগ্ৰেছে প্ৰাৰ্থী আগবঢ়াইছিল । প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই দাবী কৰিছিল যে এইবাৰ গুৱাহাটী পৌৰ নিগম হেনো গঠন কৰিব কংগ্ৰেছে ।

কিন্তু আজি অৰ্থাৎ দেওবাৰে ফলাফল ঘোষণাৰ পিছত দেখা গ’ল নিগম গঠন কৰাটো দূৰৈৰেই কথা, নিগমৰ কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈও ৰাইজে এজনো কংগ্ৰেছৰ প্ৰতিনিধি নিৰ্বাচন নকৰিলে । ইপিনে নাও বুৰিলেও টিঙৰ পৰা নামিব নোখোজা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা দেওবাৰৰ দিনটোত ব্যস্ত আছে কোকৰাঝাৰত ।

গুজৰাটৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অনা কংগ্ৰেছ বিধায়ক জিগনেছ মেৱানীৰ জামিন বিচাৰি দেওবাৰে কোকৰাঝাৰত উপস্থিত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকী । নিমাওমাও ৰাজীৱ ভৱনতো কোনো কংগ্ৰেছীৰ দেখাদেখি নাই ।

লগতে পঢ়ক :পৌৰ নিগমৰ এখন আসন দখল কৰা আম আদমি পাৰ্টীৰ দৃ্ষ্টি এতিয়া পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত

ABOUT THE AUTHOR

...view details