অসম

assam

ETV Bharat / state

ৰে’ল বিভাগে গোপনে বাতিল কৰা ১২ খন ট্ৰেইন পুনৰ চলাচলৰ দাবী কংগ্ৰেছৰ

সংবাদমেলত সৰৱ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ কুমাৰ শৰ্মা । ডিব্ৰু-শদিয়া ৰে’লপথত বন্ধ কৰি ৰখা ৰে'লসেৱা পুনৰ প্ৰৱৰ্তন কৰাৰ দাবী (Congress demands re-movement of 12 cancelled trains in Assam)। লগতে চলি থকা পেছেঞ্জাৰ ট্ৰেইন কেইখনক এক্সপ্ৰেছ ট্ৰেইনলৈ উন্নীত কৰি ষ্টপেজ হ্ৰাস কৰা আৰু ভাড়া বৃদ্ধি কৰাতকৈ নতুনকৈ এক্সপ্ৰেছ সেৱা প্ৰৱৰ্তন কৰাৰো জনালে দাবী ।

By

Published : Feb 12, 2022, 4:04 PM IST

APCC demand to NF Railway
ৰে’ল বিভাগে গোপনে বাতিল কৰা ১২ খন ট্ৰেইন পুনৰ চলাচলৰ দাবী কংগ্ৰেছৰ

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী :ক'ভিডৰ অজুহাতত অসমত গোপনে বন্ধ ৰখা ১২ খন ৰে'ল পুনৰ মুকলি কৰাৰ দাবী জনাইছে প্ৰদেশ কংগ্ৰেছে (Congress demands re-movement of 12 cancelled trains in Assam) । শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ শৰ্মাই অসমৰ সাধাৰণ ৰাইজৰ যাতায়াতৰ সুবিধা হোৱাকৈ ৰে’ল বিভাগে গোপনে বাতিল কৰা ট্ৰেইনসমূহ পুনৰ চলাচল কৰাৰ বাবে দাবী জনায় ।

ৰে'ল বিভাগে জনসাধাৰণক সকাহ দিয়াৰ পৰিৱৰ্তে অতি গোপনে অসমৰ ৰাইজক অসুবিধাত পেলাই কিছুমান ৰে'লসেৱা অসমৰ পৰা উলিয়াই নিয়াৰ লগতে কোনো ৰাজহুৱা জাননী নিদিয়াকৈ ১২ খনকৈ ৰে'লৰ সেৱা আঁতৰাই দিলে (NF Railways has stopped running 12 passenger trains) ৷ বাছ বা অন্যান্য মাধ্যমেৰে যাত্ৰা কৰাটো তুলনামূলকভাৱে ব্যয়বহুল হোৱাৰ বাবে অসমৰ বিভিন্ন স্থানৰ সাধাৰণ যাত্ৰী, ব্যৱসায়ী, চাকৰিয়াল, ছাত্ৰ-ছাত্ৰীসকলে ৰে'লসেৱাক গুৰুত্ব দি আহিছে বুলি তেওঁ উল্লেখ কৰে ।

ৰে’ল বিভাগে গোপনে বাতিল কৰা ১২ খন ট্ৰেইন পুনৰ চলাচলৰ দাবী কংগ্ৰেছৰ

এতিয়া অতি সংগোপনে ১২ খনকৈ ৰে'লৰ সেৱা বন্ধ কৰি দিয়াৰ ফলত যাত্ৰীসকল স্বাভাৱিকতে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ।

সেয়েহে যাতায়াত সুবিধা হোৱাকৈ গোপনে বাতিল কৰা ১২০৮৬ ডিব্ৰুগড় শতাব্দী এক্সপ্ৰেছ, ১৫৯৪২ ঝাঝা এক্সপ্ৰেছ, ১২৫২৫ কলকাতা চুপাৰফাষ্ট, ১৫৭১৭ মৰিয়নী ইণ্টাৰচিটি, ১৫৭৭১ কামাখ্যা ইণ্টাৰচিটি, ১৫৯১১ নাহৰলগুণ ইণ্টাৰচিটি, ১৫৬০৫ ফৰকাটিং ইণ্টাৰচিটি, ৫৫৯০৩ মৰিয়নী পেছেঞ্জাৰ, ৭৫৯১১ ডাঙৰি পেছেঞ্জাৰ, ৫৫৬৬৫ শিলচৰ পেছেঞ্জাৰ, ৫৫৬০৫ মুর্কংচেলেক পেছেঞ্জাৰ আৰু ৫৫৮১৮ নিউ বঙাইগাঁও পেছেঞ্জাৰ ট্ৰেইন পুনৰ চলাচল কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা দাবী উত্থাপন কৰা হয় ।

আনহাতে, গোপনে এইসমূহ ৰে'লসেৱা বন্ধ কৰি দিয়াৰ পৰিণতিত অসমৰ ৰাইজে সন্মুখীন হোৱা সমস্যাৰ ক্ষেত্ৰত অসম চৰকাৰে পালন কৰা নিৰ্লিপ্ত ভূমিকাক প্ৰদেশ কংগ্ৰেছে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । মুখপাত্ৰ শৰ্মাই কয় যে, উত্তৰ পূৱ সীমান্ত ৰে'ল প্ৰশাসনে অসমৰ প্ৰথম তথা ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ জীয়া সাক্ষী বিজড়িত প্ৰাক ঐতিহাসিক ডিব্ৰু-শদিয়া ৰে’লপথত বন্ধ কৰি ৰখা ৰে'লসেৱা পুনৰ প্ৰৱৰ্তন কৰিবলৈ আমি দাবী জনাইছো ।

সেইদৰে ১৮৮১ চনতে নির্মাণ কৰা অসমৰ প্ৰথম জংচনৰ মাকুমৰ পৰা ডিব্ৰু-শদিয়া ৰে’লপথত পাঁচ বছৰ ধৰি ৰে’লসেৱা বন্ধ হৈ থকাৰ পিছতো সেই অঞ্চলক প্ৰতিনিধিত্ব কৰা শাসকীয় বিজেপি দলৰ কেবিনেট মন্ত্ৰী তথা বিধায়ক সকলৰ অদূৰদৰ্শী ভূমিকাকো তেওঁ সমালোচনা কৰে । তেওঁ লগতে কয় যে, ৰে’ল বিভাগে অসমত যে কেৱল ট্ৰেইনৰ সংখ্যাই হ্ৰাস কৰিছে তেনে নহয় ৷ লগতে হ্ৰাস কৰিছে ষ্টপেজৰসংখ্যাও ।

ফলত সাধাৰণ যাত্ৰী তথা যিসকলে দৈনন্দিন জীৱিকাৰ স্বাৰ্থত ৰে’লত অহা-যোৱা কৰে, সেইসকল সাংঘাতিক ধৰণে সমস্যাৰ সন্মুখীন হৈছে । ৰে'ল বিভাগে কিছুমান পেছেঞ্জাৰ ট্ৰেইনক এক্সপ্ৰেছ ট্ৰেইনলৈকে উন্নীত কৰাৰ নামত ভালেমান ষ্টপেজ উঠাই দিছে । তেওঁ কয় যে, আমি এক্সপ্ৰেছ ট্ৰেইনৰ বিৰোধী নহয় । কিন্তু চলি থকা পেছেঞ্জাৰ ট্ৰেইনকেইখনক এক্সপ্ৰেছ ট্ৰেইনলৈ উন্নীত কৰি ষ্টপেজ হ্ৰাস কৰা আৰু ভাড়া বৃদ্ধি কৰাতকৈ নতুনকৈ এক্সপ্ৰেছ সেৱা প্ৰৱৰ্তন কৰাটো জৰুৰী ।

তেতিয়াহে যাত্ৰীসকল উপকৃত হ'ব । ষ্টপেজৰ সংখ্যা হ্ৰাস কৰাৰ ফলত অসমৰ বিভিন্ন স্থানত উৎপাদিত সা-সামগ্ৰী ৰে'লৰ জৰিয়তে কঢ়িওৱাত যথেষ্ট অসুবিধাত ভুগিছে সাধাৰণ খেতিয়ক ৰাইজে । তদুপৰি পেছেঞ্জাৰ ট্ৰেইনক এক্সপ্ৰেছ ট্ৰেইনলৈ উন্নীত কৰাৰ নামত ৩০০ শতাংশ পর্যন্ত ভাড়া বৃদ্ধিও কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি তেওঁ কয় । উল্লেখ্য যে, সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেত‍া উপস্থিত থাকে ।

লগতে পঢ়ক :অসমত দুবছৰে বন্ধ হৈ আছে 12 খন যাত্ৰীবাহী ৰে’ল, ৰ্নিলিপ্ত ৰে’ল বিভাগ

ABOUT THE AUTHOR

...view details