অসম

assam

ETV Bharat / state

গুৱাহাটীত দলীয় সতীৰ্থৰে বৈঠক কংগ্ৰেছৰ তিনি ৰাষ্ট্ৰীয় নেতাৰ - Congress election planing

2021 ৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ কৌশল যুগুতাবলৈ সোমবাৰে গুৱাহাটীত উপস্থিত হয় কংগ্ৰেছ দলৰ তিনি জ্যেষ্ঠ নেতা ক্ৰমে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, দলৰ সাধাৰণ সম্পাদক মুকুল ৱাচনিক আৰু ডঃ চাকিল আহমেদ খান ৷ মঙলবাৰে দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত এক বিশাল সভাত ভাগ ল’ব তিনিও গৰাকী নেতা ৷

congress-election-planing-meeting-at-guwahati
গুৱাহাটীত দলীয় সতীৰ্থৰে বৈঠক বাঘেলা,ৱাচনিক আৰু চাকিল আহমেদৰ

By

Published : Jan 18, 2021, 9:45 PM IST

গুৱাহাটী,18 জানুৱাৰী: সমাগত বিধানসভা নিৰ্বাচন ৷ 2021 ৰ বিধানসভা নিৰ্বাচনকলৈ সম্প্ৰতি প্ৰতিটো ৰাজনৈতিক দলৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ ইয়াৰ মাজতে অসমৰ নিৰ্বাচনী প্ৰচাৰৰ কৌশল যুগুতাবলৈ সোমবাৰে গুৱাহাটীত উপস্থিত হৈছেহি কংগ্ৰেছ দলৰ তিনি জ্যেষ্ঠ নেতা ক্ৰমে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, দলৰ সাধাৰণ সম্পাদক মুকুল ৱাচনিক আৰু ডঃ চাকিল আহমেদ খান ৷ প্ৰাপ্ত তথ্য অনুসৰি অসমৰ নিৰ্বাচনী প্ৰচাৰৰ কৌশল যুগুতাবলৈ,নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে দায়িত্ব ন্যস্ত কৰিছে এই তিনি নেতাক ৷ অসমত আহি উপস্থিত হোৱাৰ পাছতে সোমবাৰে সন্ধিয়া মহানগৰীৰ হোটেল পেলাচিঅ'ত প্ৰদেশ কংগ্ৰেছৰ নেতাসকলৰ সৈতে এক আলোচনাত মিলিত হয় তিনিওগৰাকী শীৰ্ষ নেতা ৷

গুৱাহাটীত দলীয় সতীৰ্থৰে বৈঠক বাঘেলা,ৱাচনিক আৰু চাকিল আহমেদৰ

দীঘলীয়া সময়জুৰি চলা এই বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সকলো বিভাগ আৰু কোষসমূহৰ অধ্যক্ষসকল উপস্থিত থাকে ৷ বৈঠকত উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ গৌৰৱ গগৈকে ধৰি কেইবাজনো শীৰ্ষ নেতা ৷

উল্লেখযোগ্য যে, মঙলবাৰে বাঘেল, মুকুল ৱাচনিক আৰু ডঃ চাকিল আহমেদ খানে প্ৰদেশ কংগ্ৰেছৰ সকলো বিষয়ববীয়াৰ সৈতে দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত এক বিশাল সভাত ভাগ ল’ব ৷ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ কৌশল নিৰূপন আৰু দলীয় কৰ্মীসকলক উদ্বুদ্ধ কৰিবলৈকে এই বৈঠকত ভাগ ল’ব তিনিওজন শীৰ্ষ কংগ্ৰেছী নেতাই ৷

লগতে পঢ়কঃAJP ৰ অশুভ মিত্ৰতাক অসমৰ ৰাইজে গ্রহণ নকৰে : সুভাষ দত্ত

ABOUT THE AUTHOR

...view details