অসম

assam

ETV Bharat / state

"মুখ্যমন্ত্ৰীৰ ক'ভিড-১৯ বিধৱা সাহায্য আঁচনি" সংশোধনৰ দাবী কংগ্ৰেছৰ - ক'ভিডত আক্ৰান্ত

ক'ভিড-১৯ মহামাৰীত আক্ৰান্ত হৈ স্বামীহাৰা হোৱা নিম্ন আয়ৰ পৰিয়ালৰ বিধৱা মহিলালৈ অসম চৰকাৰে এককালীন সাহায্য আগবঢ়াবলৈ গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাই কিছু সংশোধনৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছে । ক'ভিডত আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পৰৱৰ্তী কালত স্বামীহাৰা হোৱা নিম্ন আয়ৰ পৰিয়ালৰ মহিলাকো এই আঁচনিত অন্তৰ্ভুক্ত কৰক ।

congress-demand-to-review-financial-assistance-scheme
"মুখ্যমন্ত্ৰীৰ ক'ভিড-১৯ বিধৱা সাহায্য আঁচনি" সংশোধনৰ দাবী কংগ্ৰেছৰ

By

Published : Jul 4, 2021, 7:14 PM IST

গুৱাহাটী, 4 জুন : ক'ভিডত আক্ৰান্ত হৈ সুস্থ হোৱাৰ পাছত ক'ভিডজনিত কাৰণত মৃত্যু হোৱা লোকৰ বিধৱা পত্নীকো "মুখ্যমন্ত্ৰীৰ ক'ভিড-১৯ বিধৱা সাহায্য আঁচনি"ত অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছে প্ৰদেশ কংগ্ৰেছে । এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয় 'ক'ভিড আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা লোকৰ বিধৱা বিধৱা পত্নীক এককালীন সাহায্য দিয়াৰ লগতে ৷ ক'ভিডত আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পৰৱৰ্তী কালত স্বামীহাৰা হোৱা নিম্ন আয়ৰ পৰিয়ালৰ মহিলাকো এই আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছো ।

বিগত সময়চোৱাত মৃত্যু বৰণ কৰা লোকৰ মৃত্যুৰ কাৰণ পৰ্যবেক্ষণ কৰি দেখা গৈছে যে ক'ভিড আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পিছতহে অধিকাংশ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে । এনে সংকটৰ ফলত সৃষ্ট পৰিস্থিতিলৈ লক্ষ্য ৰাখিয়েই উচ্চতম ন্যায়ালয়েও এই বিষয়ত এক দৃষ্টিভংগী দাঙি ধৰিছে । ভাৰতবৰ্ষ এখন কল্যানকামী ৰাষ্ট্ৰ ।

"মুখ্যমন্ত্ৰীৰ ক'ভিড-১৯ বিধৱা সাহায্য আঁচনি" সংশোধনৰ দাবী কংগ্ৰেছৰ

তেনেস্থলত প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত সকলো মানুহে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধীনত নীতিগত কাৰণতে সকলো নিম্ন আয়ৰ পৰিয়ালে চৰকাৰৰ পৰা সাহায্য লাভ কৰাটো মানৱীয় তথা যুক্তিসংগত বুলি আমি কংগ্ৰেছ দলে অনুভৱ কৰো । সেয়েহে ৰাজ্য চৰকাৰে ঘোষণা কৰা মুখ্যমন্ত্ৰীৰ ক'ভিড-১৯ বিধৱা সাহায্য আঁচনিৰ সংশোধন ঘটাই সুস্থ হৈ উঠাৰ পিছত মৃত্যু বৰণ কৰা লোকৰ পৰিয়ালকো এই আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা দাবী জনোৱা হৈছে ।

উল্লেখযোগ্য যে, স্বাধীনোত্তৰ কালত প্ৰথমবাৰৰ বাবে দেওবাৰে ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু সকলৰ সৱলীকৰণৰ লক্ষ্য আগত ৰাখি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰে এক বিশেষ অনুষ্ঠান "আলাপ আলোচনা" । অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত দেওবাৰে ৰাজ্যৰ ১২৩ গৰাকী ধৰ্মীয় সংখ্যালঘু সমাজৰ বিশিষ্ট ব্যক্তি আৰু চিন্তাবিদৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ শৰ্মা ।

লগতে পঢ়কঃ ভেকচিনৰ নাটনিৰ মাজতে বহু জিলাত ভয়াৱহ সংক্ৰমণ

ABOUT THE AUTHOR

...view details