গুৱাহাটী, ২২ নবেম্বৰ:SC, ST সংৰক্ষিত সমষ্টিৰ নেতা-কৰ্মীৰ বাবে প্ৰদেশ কংগ্ৰেছে বুধবাৰে আয়োজন কৰে লীডাৰশ্বিপ ডেভেলমেণ্ট ট্ৰেইনিং নামৰ এক অনুষ্ঠানৰ ৷ মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড৹ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই প্ৰশিক্ষণৰ অনুষ্ঠান ৷ SC , ST সংৰক্ষিত সমষ্টিত কংগ্ৰেছৰ ভেটি শক্তিশালী কৰাৰ বাবে এই ট্ৰেইনিং কেম্পৰ আয়োজন কৰিছে প্ৰদেশ কংগ্ৰেছে ৷
এই অনুষ্ঠানত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ST, SC, OBC কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সমন্নয়ক কে ৰাজুৰ লগতে প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দ ৷ এই অনুষ্ঠানৰ পিছতে কংগ্ৰেছ নেতৃত্বই এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত কৰ সংগ্ৰহক লৈ চৰকাৰে লোৱা সিদ্ধান্ত সন্দৰ্ভত সৰৱ হৈ পৰে কংগ্ৰেছ নেতৃত্ব ৷
এই সম্পৰ্কে মন্তব্য কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে অসম চৰকাৰে পুঁজি সংগ্ৰহৰ বাবে আৰক্ষীক ব্যৱহাৰ কৰা কাৰ্য গৰিহণাৰ যোগ্য ৷ মেল-মিটিং পাতিলেও কৰ দিব লাগিলে বাক স্বাধীনতা খৰ্ব হ’ব ৷ সাংস্কৃতিক অনুষ্ঠান বা বিহু পাতিলেও কৰ দিব লগাটো দুৰ্ভাগ্যজনক ৷ এতিয়া নতুন ৰূপত ইষ্ট ইণ্ডিয়া কোম্পানী আহিছে ৷ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ’ব ৷