গুৱাহাটী, 15 নৱেম্বৰ : দেউৰী স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনত জয়লাভ কৰা কংগ্ৰেছৰ কেশৱ দেউৰীয়ে যোগদান কৰিলে বিজেপিত(Congress Candidate Joins BJP)৷ অসমৰ নিৰ্বাচনী ৰাজনীতিত ভেটি হেৰুৱাৰ উপক্ৰম হোৱা কংগ্ৰেছ দলৰ প্ৰতি আন এক মোক্ষম আঘাত ।
শেহতীয়াকৈ ঘোষিত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত(DAC election 2022) কংগ্ৰেছ দলে ২২ খনৰ ভিতৰত মাত্ৰ ২ খন আসনতে সীমাবদ্ধ থকাৰ পিছত এগৰাকী কংগ্ৰেছৰ নিৰ্বাচিত প্ৰাৰ্থীয়ে বিজেপি দলত যোগদান কৰাক লৈ ভৱিষ্যতে কংগ্ৰেছৰ অসমত নিৰ্বাচনী ৰাজনীতিলৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে ।
মঙলবাৰে গুৱাহাটীৰ বিজেপিৰ কাৰ্যালয়ত(Assam BJP office) অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দেউৰী স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনত জয় লাভ কৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী কেশৱ দেউৰীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । বিজেপি দলত যোগদান কৰি কেশৱ দেউৰীয়ে কয় যে বিজেপি দলৰ নীতি-আদৰ্শৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বলিষ্ঠ কৰ্মৰাজিৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ বিজেপি দলত যোগদান কৰিছে ।
উল্লেখ্য যে, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত যোৰহাট সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী কেশৱ দেউৰী বিজয়ী হৈছিল । কেশৱ দেউৰীয়ে বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী কেনেডী দেউৰীক পৰাজিত কৰিছিল । ভোট গণনাৰ অন্তৰ কেশৱ দেউৰীয়ে ৯১৮টা ভোট লাভ কৰাৰ বিপৰীতে কেনেডী দেউৰীয়ে ৭৮৫টা ভোট পাবলৈ সক্ষম হৈছিল ।