গুৱাহাটী, 5 জুলাই : অসমত সুৰাৰ অবাধ প্ৰচলন কৰি অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ বিজেপি চৰকাৰে গ্রহণ কৰিছে হঠকাৰী সিদ্ধান্ত ৷ এই অভিযোগেৰে অসম প্রদেশ কংগ্রেছ কমিটিয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সুৰা নীতিক জাতিধ্বংসী আখ্যা দি তীব্র বিৰোধিতা কৰিছে । এক বিবৃতিযোগে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে কয় যে হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে নিতৌ ৰাজ্যখনত বিলাতী, দেশীয় সুৰাৰ বিপনী আৰু 'বাৰ'ৰ সংখ্যা বৃদ্ধি কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে ৷ এই চৰকাৰৰ দিনত দেশৰ ভিতৰতে উন্নয়নৰ দিশত এক নম্বৰ ৰাজ্য হওঁক বা নহওঁক, সুৰাৰ প্ৰচলন আৰু ইয়াৰ পৰা ৰাজহ সংগ্ৰহৰ ক্ষেত্রত কিন্তু দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হ'বগৈ যে সেয়া ধুৰূপ ।
এহাতেদি বিজেপি চৰকাৰে কোটি কোটি টকা খৰচ কৰি সকলো মাধ্যমতে বিজ্ঞাপন প্ৰকাশ কৰি অসমক দেশৰ 5 খন উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ সপোন দেখুৱাইছে আৰু উন্নয়নৰ গংগা বোৱাইছে বুলি কৃতিত্ব জাহিৰ কৰে । কিন্তু, বাস্তৱত বিজেপি চৰকাৰে অসমত "সুৰাৰ গংগা" হে বোৱাব বিচাৰিছে । সেয়ে ৰাজ্য চৰকাৰে গাঁৱে গাঁৱে মদৰ দোকান খুলিবলৈ অনুমতি দিছে । ৰাইজৰ ব্যাপক অসন্তুষ্টিৰ পিছতো পুনৰ এই চৰকাৰে কি যুক্তিত 2000 খন নতুন সুৰাৰ দোকান স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে তথা কি যুক্তিত ৰাতি 11 বজালৈ মলৰ বাৰসমূহ খোলাৰ অনুমতি দিছে । ভূতৰ ওপৰত দানৱ পৰাদি সুৰাৰ দোকানত কিয় এলকহ'লযুক্ত চকলেট প্ৰচলন কৰিব বিচাৰিছে ? এইবিলাক হঠকাৰী সিদ্ধান্ত এটা প্ৰজন্মক ধ্বংস কৰাৰ বাবে ব্লুপ্ৰিন্ট সদৃশ নহয় নে — বুলি প্ৰশ্ন উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছে ৷
আনহাতে অসম চৰকাৰৰ খোদ শিক্ষা মন্ত্রী ৰণোজ পেগুৱে চৰকাৰৰ সুৰা নীতিৰ সমৰ্থনত যি মন্তব্য আগবঢ়ালে সি অসমৰ সমাজ জীৱনৰ বাবে অতি দুৰ্ভাগ্যজনক আখ্যা দিয়ে কংগ্ৰেছে । শিক্ষা মন্ত্রীগৰাকীক সুৰাৰ অবাধ প্ৰচলন সন্দৰ্ভত এনে মন্তব্যৰ বাবে ৰাজহুৱাকৈ ক্ষমা খুজিবলৈয়ো দাবী জনাইছে ৰাজ্যৰ প্ৰধান বিৰোধী দলটোৱে ৷ উল্লেখযোগ্য যে, 2016 চনত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পৰা 2022 চনলৈ অসমত 757 খন মদৰ দোকান আৰু 'বাৰ'ৰ অনুমতি প্রদান কৰা হ'ল । তাৰে 390 খন বাৰ, 14 খন বিলাতী সুৰাৰ দোকান, 353 খন দেশীয় সুৰাৰ দোকান ।