গুৱাহাটী, 9 আগষ্ট : বিজেপিক প্ৰতিহত কৰিবলৈ কংগ্ৰেছ (Congress) দলৰ লগ লাগিব ৰাইজৰ দল (Raijor Dal) । এই কথা সদৰী কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi)য়ে । দেওবাৰে অসম প্ৰদেশ কংগ্ৰেছ (Assam Pradesh Congress Committee)ৰ দুই কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী (Rana Goswami) আৰু জাকিৰ হুছেইন শিকদাৰে (Jakir Hussain Sikdar)য়ে সাক্ষাৎ কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈক ।
এই বৈঠকৰ পাচতে গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, কংগ্ৰেছৰ সৈতে লগ লাগিব ৰাইজৰ দল । লক্ষ্যণীয় বিষয় যে, ইয়াৰ পূৰ্বে ৰাইজৰ দলৰ এটা প্ৰতিনিধি দলে শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হৈছিল । কংগ্ৰেছৰ সৈতে হোৱা আলোচনা সন্দৰ্ভত বিধায়ক গগৈয়ে কয় যে, এই আলোচনা ইতিবাচক আছিল । দুয়োটা দলে একেলগে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
কেৱল আন্দোলনৰ ক্ষেত্ৰতেই নহয়, নিৰ্বাচনৰ ক্ষেত্ৰতো একেলগ হোৱা সন্দৰ্ভত আলোচনা কৰা হৈছে । কংগ্ৰেছ মহাজোঁটত চামিল হোৱাত ৰাইজৰ দলৰ আপত্তি নাই যদিও AIUDF ৰ আপত্তি আছে বুলি মন্তব্য কৰে অখিল গগৈয়ে । উপ-নিৰ্বাচন (By Election) অকলে খেলিব বিচৰা নাই । বিধানসভা নিৰ্বাচনতো কংগ্ৰেছৰ লগত ৰাইজৰ দলৰ আলোচনা হৈছিল ।
ৰাইজৰ দল দৃঢ় আছিল যদিও কংগ্ৰেছে মান্তি নহ’ল । তাৰ বাবে জগৰীয়া কংগ্ৰেছৰ ভিতৰৰ কেইগৰাকীমান বিশেষ নেতা আৰু মাজৰ এগৰাকী নেতা । উপ-নিৰ্বাচন যদি 5 বা ৬ টা সমষ্টিত হয়, তেন্তে ৰাইজৰ দলৰ পৰা একেলগে খেলাৰ প্ৰস্তাৱ দিয়া হৈছে । পৰবৰ্তী সময়ত কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা (Bhupen Kumar Borah) আৰু অখিল গগৈৰ মাজত এখন বৈঠক অনুষ্ঠিত হ’ব ৷
লগতে পঢ়ক :অসম-মেঘালয় সীমা বিবাদক লৈ মুখ্য সচিব জীষ্ণু বৰুৱাৰ প্ৰতিক্ৰিয়া