গুৱাহাটী,30 জানুৱাৰী: ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে কংগ্ৰেছৰ উদ্যোগত গঠিত মহাজোঁটৰ অংশীদাৰ হ’বলৈ ইতিমধ্যে অস্বীকাৰ কৰাত মূলতঃ এ আই ইউ ডি এফ, বাঁওশক্তি আৰু আঞ্চলিক গণ মৰ্চাক লগত লৈয়ে কংগ্ৰেছে মহাজোঁট গঠন কৰিলে । কিন্তু ৰাজনীতিত অসম্ভৱ বুলি কোনো কথা নাথাকে । সময়ে সেই কথা প্ৰমাণ কৰি আহিছে । পুনৰ এবাৰৰ বাবে সেয়া সত্য হোৱাৰ পৰিৱেশ ৰচিত হৈছে অসমৰ ৰাজনীতিত ।
ৰাইজৰ দলৰে মিত্ৰতাৰ দিশে আগুৱাইছে নেকি কংগ্ৰেছ !
ই টিভি ভাৰতৰ হাতত পৰা খবৰ অনুসৰি খুব সোনকালেই মহাজোঁটত অংশীদাৰ হোৱাৰ প্ৰস্তাৱ লৈ ৰাইজৰ দলৰ ওচৰ চাপিবলৈ সাজু হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কৰ দায়িত্বত থকা জিতেন্দ্ৰ সিং । ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা একাধিকবাৰ এই চেষ্টা চলোৱা হৈছিল যদিও ৰাইজৰ দলে মহাজোঁটৰ অংশীদাৰ হোৱাৰ আগ্ৰহ প্ৰকাশ কৰা নাছিল ৷
ই টিভি ভাৰতৰ হাতত পৰা খবৰ অনুসৰি খুব সোনকালেই মহাজোঁটত অংশীদাৰ হোৱাৰ প্ৰস্তাৱ লৈ ৰাইজৰ দলৰ ওচৰ চাপিবলৈ সাজু হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কৰ দায়িত্বত থকা জিতেন্দ্ৰ সিং । ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা একাধিকবাৰ এই চেষ্টা চলোৱা হৈছিল যদিও ৰাইজৰ দলে মহাজোঁটৰ অংশীদাৰ হোৱাৰ আগ্ৰহ প্ৰকাশ কৰা নাছিল ৷ সেয়েহে এইবাৰ সন্ধিৰ প্ৰস্তাৱ লৈ নিজেই ওলাইছে জিতেন্দ্ৰ সিং । দলৰ সাংসদ আব্দুল খালেকেও ই টিভি ভাৰতক কয় যে, কেৱল ৰাইজৰ দলেই নহয়, আন কেইবাটাও দলৰ সৈতে আলোচনা অব্যাহত ৰাখিছে কংগ্ৰেছে ।