অসম

assam

ETV Bharat / state

বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ - নিৰ্বাচনী আচৰণ বিধি

নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকা সময়ত পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়নৰ অতিৰিক্ত আয়ুক্ত দিতিমণি পেগুৱে প্ৰধানমন্ত্রী আৱাস যোজনাৰ ঘৰসমূহ হিতাধিকাৰীক দিয়াৰ বাবে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক নিৰ্দেশ দিয়াৰ অভিযোগ কংগ্ৰেছৰ ৷ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ এখন স্মাৰকপত্র প্ৰেৰণ কৰিছে কংগ্ৰেছে ৷

congress alleges bjp oof violating module code of conduct
বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

By

Published : Mar 21, 2021, 10:18 PM IST

গুৱাহাটী,21 মাৰ্চ:বিজেপি চৰকাৰৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলে ৷ দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ আইনী বিভাগে এই সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ এখন স্মাৰকপত্র প্ৰেৰণ কৰে ৷ কংগ্ৰেছে বিজেপি চৰকাৰৰ লগতে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ণ আয়ুক্তালয়ৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ আনিছে ৷ উত্থাপিত অভিযোগ অনুসৰি, নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকা সময়ত পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়নৰ অতিৰিক্ত আয়ুক্ত দিতিমণি পেগুৱে 20 মাৰ্চত জাৰি কৰা এখন পত্র যোগে প্ৰধানমন্ত্রী আৱাস যোজনাৰ ঘৰসমূহ হিতাধিকাৰীক দিয়াৰ বাবে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক নিৰ্দেশ দিয়ে ৷

বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

নিৰ্দেশটোত 27 মাৰ্চৰ ভিতৰত হিতাধিকাৰীসকলক ঘৰসমূহ দিয়াৰ বাবে কোৱা হৈছে ৷ এই নিৰ্দেশ নিৰ্বাচনী আয়োগৰ নিৰ্বাচনী আচৰণ বিধিৰ পৰিপন্থী বুলি কংগ্ৰেছে স্মাৰক পত্রত উল্লেখ কৰিছে ৷ ৰাজনৈতিক লাভালাভ আৰু ভোটাৰক প্ৰলোভিত কৰাৰ লক্ষ্যৰে বিজেপি চৰকাৰে হিতাধিকাৰীক ঘৰ দিয়াৰ এই আঁচনি নিৰ্বাচনৰ সময়ত কাৰ্যাকৰী কৰিব বিচাৰিছে বুলি কংগ্ৰেছে অভিযোগ কৰে ৷ এই ক্ষেত্রত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে কংগ্ৰেছৰ তৰফৰ পৰা মুখ্য নিৰ্বাচনী বিষয়াৰ প্ৰতি স্মাৰকপত্র যোগে আহ্বান জনোৱা হৈছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে মুখ্যমন্ত্রীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীৰ বিৰুদ্ধেও নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ তুলি কংগ্ৰেছৰ আইনী বিভাগে দুদিনপূৰ্বে মুখ্য নিৰ্বাচনী বিষয়ালৈ স্মাৰকপত্র প্ৰেৰণ কৰিছিল ৷

লগতে পঢ়ক:কি কাৰণে খঙত অগ্নিশৰ্মা সিদ্ধাৰ্থ ভট্টাচাৰ্য

ABOUT THE AUTHOR

...view details