গুৱাহাটী, 10 নৱেম্বৰ : 2021 চনৰ নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত মিত্ৰতা প্ৰসংগত ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলি আছে যদিও এই পৰ্যন্ত নিশ্চিত নহয় দুয়োটা দলৰ মিত্ৰতাৰ শেহতীয়া সিদ্ধান্ত । একাংশ কংগ্ৰেছৰ বিধায়ককে আদি কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াইও বিৰোধিতা কৰিছে দল দুটাৰ মিত্ৰতা ৷ শেহতীয়াকৈ অসম ভ্ৰমণ কৰা অসম প্ৰদেশৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙক উজনি অসমৰ সকলো কংগ্ৰেছ বিধায়কৰ লগতে নামনি অসমৰ সংখ্যালঘু অধ্যুষিত কেইবাটাও সমষ্টিৰ কংগ্ৰেছ বিধায়কে এই মিত্ৰতাৰ বিৰোধ কৰাৰ কথা স্পষ্ট কৰি দিয়ে ৷ ইফালে,দলৰ মিত্ৰতা হ'ব নে নাই সেয়া হাইকমাণ্ডে স্পষ্ট কৰিব বুলি মন্তব্য প্ৰদান কৰিছিল অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙে ৷
মিত্ৰতা সন্দৰ্ভত দলৰ ফালৰ পৰা চূড়ান্ত সিদ্ধান্ত হোৱা নাইঃ ৰিপুন বৰা - তত্বাবধায়ক
কংগ্ৰেছ আৰু এ আই ইউ ডি এফল মিত্ৰতা সন্দৰ্ভত ৰাজনৈতিক মহলত ব্যাপক চৰ্চা অব্য়াহত ৷ দলৰ ফালৰ পৰা সিদ্ধান্ত স্পষ্ট কৰা নাই বুলি সদৰি কৰিছে শীৰ্ষ নেতাৰ ৷

মিত্ৰতা সন্দৰ্ভত দলৰ ফালৰ পৰা চূড়ান্ত সিদ্ধান্ত হোৱা নাইঃ ৰিপুন বৰা
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ মন্তব্য
আনহাতে,কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰো তাৎপৰ্যপূৰ্ণ মন্তব্য ৷ লক্ষণীয়ভাৱে ৰিপুণ বৰাই কয় যে,এ আই ইউ ডি এফৰে মিত্ৰতা প্ৰসংগত এতিয়ালৈকে কংগ্ৰেছৰ কোনো আলোচনা হোৱা নাই । যদিওবা দলৰ মিত্ৰতা হয় তেতিয়াহ'লে বৰ্তমানে কংগ্ৰেছৰ দখলত থকা কোনো সমষ্টিয়েই এ আই ইউ ডি এফক এৰি দিয়া নহ'ব বুলিও তেওঁ মন্তব্য কৰে ।
লগতে পঢ়ক :শামুকীয়া গতিৰে চলিছে জোনাইত অসামৰিক চিকিৎসালয় নিৰ্মাণৰ কাম