অসম

assam

By

Published : Feb 26, 2021, 9:15 PM IST

ETV Bharat / state

অসমৰ বান সমস্যা সমাধন কৰিবলৈ আৰু পাঁচ বছৰ বিছাৰিলে অমিত শ্বাহে !

অসমৰ বান সমস্যা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে বটদ্ৰৱাত এক মন্তব্য কৰে ৷ তেওঁ কয় যে, এইবাৰ বিজেপি চৰকাৰ জয়ী হ’লে অহা পাঁচ বছৰত অসমৰ বান সমস্যা সম্পূৰ্ণ নিৰ্মূল কৰাৰ ব্যৱস্থা কৰা হ’ব ৷

congress aiudf comment agaits bjp amit shah
অসমৰ বান সমস্যা সমাধন কৰিবলৈ আৰু পাঁচ বিছাৰিলে অমিত শ্বাহে !

নিউজল ডেস্ক, 26 ফেব্ৰুৱাৰী : অসমৰ বান সমস্যা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে বটদ্ৰৱাত এক মন্তব্য কৰে ৷ তেওঁ কয় যে, এইবাৰ বিজেপি চৰকাৰ জয়ী হ’লে অহা পাঁচ বছৰত অসমৰ বান সমস্যা সম্পূৰ্ণ নিৰ্মূল কৰাৰ ব্যৱস্থা কৰা হ’ব ৷

অসমৰ বান সমস্যা সমাধন কৰিবলৈ আৰু পাঁচ বিছাৰিলে অমিত শ্বাহে !

অমিত শ্বাহৰ এই মন্তব্যৰ পাচতে বিৰোধীয়ে সমালোচনাৰ লক্ষ্য কৰিল লৈছে বিজেপি দল তথা অমিত শ্বাহক ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি দলক মিথ্য়াচাৰী আখ্যা দিয়ে ৷ ইয়াৰ সমান্তৰাল ভাৱে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে অমিত শ্বাহৰ মন্তব্যক হাস্যকৰ আখ্যা দিয়ে ৷

লগতে পঢ়ক: তিনিটা পৰ্যায়ত অসমত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন

ABOUT THE AUTHOR

...view details