গুৱাহাটী, 21 ফেব্ৰুৱাৰী:বিজেপিয়ে পৌৰ সভাৰ নিৰ্বাচনত বিৰোধী দলৰ প্ৰাৰ্থীক ভয় ভাবুকি দি নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে (congress accuses BJP ) ৷ সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই এই অভিযোগ উত্থাপন কৰে ৷ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে, বিজেপি দলে একাংশ কংগ্ৰেছৰ প্ৰাৰ্থীক হত্যাৰ ভাবুকি দি মনোনয়ন প্ৰত্যাহাৰ কৰাৰ বাবে বাধ্য কৰাইছে (threatening candidates to withdraw nomination ) ।
অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই লগতে কয় যে, পৌৰসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে ৯২১টা ৱাৰ্ডৰ ভিতৰত ৯০৩টা ৱাৰ্ডৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰা হৈছিল ৷ কিন্তু শাসক দলৰ দ্বাৰা ৰচনা কৰা নিকৃষ্ট ষড়যন্ত্ৰ, মৃত্যুৰ ভাবুকি প্ৰদানৰ বাবে বিভিন্ন ঠাইত মনোনয়ন পত্ৰ দাখিলৰ পিছদিনাই প্ৰত্যাহাৰ কৰিবলগীয়া হ'ল । নিশ্চিত পৰাজয়ৰ পৰা ৰক্ষা পাবলৈ বিজেপি দল কংগ্ৰেছৰ ওপৰত জপিয়াই পৰিল বুলিও কয় অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ।
‘‘লামডিং পৌৰ সভাত কংগ্ৰেছৰ এগৰাকী যুৱতী প্ৰাৰ্থীক ভয়-ভাবুকিৰে মানসিক চাপৰ সৃষ্টি কৰি মনোনয়ন প্ৰত্যাহাৰ কৰাৰ বাধ্য কৰাইছে । যুৱতী প্ৰাৰ্থীগৰাকীক দুৱাৰ বন্ধ কৰি অশালীনভাৱে ভাবুকি দি মনোনয়ন প্ৰত্যাহাৰ কৰাবলৈ বাধ্য কৰায় । মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত কংগ্ৰেছ ৰ পৰা ৭/৮ জনে প্ৰাৰ্থীত্ব আগবঢ়াইছিল যদিও নানা ভাবুকি দি বিজেপিয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰালে ।’’ এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ ৷