গুৱাহাটী, 3 মাৰ্চ: বিতৰ্কই যেন নেৰে অসম মাধ্যমিক শিক্ষা পৰিষদক ৷ শুকুৰবাৰে ছেবাৰ(SEBA) দ্বাৰা আয়োজন কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপিত হৈছে । হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি থকাৰ মাজতে ম’বাইলে ম’বাইলে বিয়পি পৰিল প্ৰশ্নকাকতৰ ফটো (HSLC English paper leaked) ।
ইয়াকে লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । উল্লেখ্য যে, শুকুৰবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইংৰাজী বিষয়ৰ পৰীক্ষা আছিল । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইংৰাজীৰ পৰীক্ষা চলি থকাৰ মাজতে ইংৰাজী প্ৰশ্নকাকতৰ ফটো ভাইৰেল হৈ পৰে (Assam HSLC exam) ৷
জানিব পৰা মতে পৰীক্ষাৰ 2 ঘন্টাৰ পাচতে বৰপেটা জিলাৰ বাঘবৰৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইংৰাজী প্ৰশ্নকাকতৰ ফটো ম’বাইলে ম’বাইলে বিয়পি পৰে । ইতিমধ্যেই এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । পৰীক্ষাৰ বাবে নিৰ্ধাৰিত সময় আছিল তিনিঘন্টা । পৰীক্ষা গৃহত ম'বাইল, ঘড়ী অথবা যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী নিষিদ্ধ আছিল ৷
এনে ক্ষেত্ৰত কোনে ম'বাইলেৰে প্ৰশ্ন কাকতৰ ফটো তুলি প্ৰশ্নকাকত ফাদিল কৰিছে সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই ।