গুৱাহাটী,29 নৱেম্বৰঃশুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত 2019-20 বৰ্ষৰ বাবে চুক্তিবদ্ধ হোৱা শংকৰদেৱ থিয়েটাৰৰ একাংশ কলা-কুশলীয়ে সম্বোধন কৰে সংবাদমেল ৷ তেওঁলোকৰ অভিযোগ কোনো কাৰণ নোহোৱাকৈ 1 মাহ ধৰি প্ৰদৰ্শনী বন্ধ হৈ আছে থিয়েটাৰখনৰ ৷ কিন্তু শংকৰদেৱ থিয়েটাৰ কি কাৰণে বন্ধ হ'ল মালিক কৰ্তৃপক্ষই এবাৰো নজনালে কলা-কুশলীসকলক ৷ ইফালে প্ৰযোজকে বহিঃজগতত কলা-কুশলীৰ সহযোগিতা নথকাৰ বাবে থিয়েটাৰ বন্ধ হোৱাৰ অভিযোগ দিয়াৰ বিপৰীতে শিল্পীসকলৰ অভিযোগ প্ৰযোজক মানস কলিতাই 4 বছৰ ধৰি ৰাজমুকুট নামৰ আন এখন থিয়েটাৰ চলাই আছে ৷ প্ৰযোজকৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি এইদৰে সংবাদমেল সম্বোধন কৰে শংকৰদেৱ থিয়েটাৰৰ কলা-কুশলী সকলে ৷
এইবাৰ বিতৰ্কত শংকৰদেৱ থিয়েটাৰ - শংকৰদেৱ থিয়েটাৰৰ নাট্যদল
ক্ৰমাণ্বয়ে যেন বৃদ্ধি পাইছে নাট্যদলসমূহৰ ভিতৰচৰাৰ সমস্যা ৷ এইবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে শংকৰদেৱ থিয়েটাৰ৷
শংকৰদেৱ থিয়েটাৰ বিতৰ্ক
Last Updated : Nov 29, 2019, 9:23 PM IST