গুৱাহাটী,৯ মাৰ্চঃ মাথো নামতহে আছে মিত্রতা । অসমৰ ৰাজনীতিৰ পথাৰত নতুনকৈ আত্মপ্ৰকাশ ঘটা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে বিজেপিক পৰাজিত কৰাৰ লক্ষ্যৰে মিত্রতা কৰিলে যদিও দুয়োটা দলেই ৰক্ষা কৰা নাই মিত্রতাৰ ধৰ্ম । আসন বুজাবুজিক লৈ এফালে বিজেপি নেতৃত্বৰ মিত্রদল আৰু আনফালে কংগ্ৰেছ নেতৃত্বৰ মহাজোঁট বন্ধনে বহু যুঁজ-বাগৰ কৰিবলগীয়া হৈছে । এটা দলে আনটো দলক সৈমান কৰাৰ বাবে বহু চেষ্টা কৰিবলগীয়া হৈছে । তথাপিও অব্যাহত আছে ক্ষোভ-অসন্তুষ্টি । কিন্তু ইয়াৰ বিপৰীতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত আসন বুজাবুজিক লৈ তেনে কোনো বিশেষ আলোচনা পৰিলক্ষিত নহ'ল । দুয়োটা দলেই পৃথকে পৃথকে প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা ।
প্ৰকাশ কৰা প্ৰাৰ্থী তালিকাত দেখিলে সহজেই অনুমান কৰিব পাৰি যে, দুয়োটা দলেই মিত্রতাৰ ধৰ্ম পালন কৰা নাই । এই সন্দৰ্ভত ৰাইজৰ দলৰ নেতৃত্বৰ এটাই কথা যে, তেওঁলোকে মিত্রদল অসম জাতীয় পৰিষদক প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া নিজৰ সমষ্টিৰ বিষয়ে আগতীয়াকৈ অৱগত কৰিছিল । তাৰ পাছতো তেওঁলোকে কেতবোৰ সমষ্টিত নিজৰ প্ৰাৰ্থী দিছে ।
জানিব পৰা মতে, মিত্রতাত থাকিলেও দুয়োটা দলৰ মাজত প্ৰকৃতাৰ্থত আসন বুজাবুজি হোৱা নাই আৰু দুয়োটা দলেই নিজৰ নিজৰ স্থিতিত অটল আছে । দেখাত মিত্রতা আছে যদিও দুয়োটা দলৰ মাজত মনোমালিন্য আছে । যাৰ বাবেই দুয়োটা দলেই বৰ্তমানলৈ ১৪ টা সমষ্টিত পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে প্ৰাৰ্থী থিয় কৰাইছে । বৰ্তমানলৈ অসম জাতীয় পৰিষদে ৬৮ টা সমষ্টিত আৰু ৰাইজৰ দলে ২৮ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । দুয়োটা দলে ঘোষণা কৰা প্ৰাৰ্থী তালিকা অনুসৰি মৰিয়নীত ৰাইজৰ দলে সভাপতি অখিল গগৈক আৰু অসম জাতীয় পৰিষদে অলক ঘোষক প্ৰাৰ্থিত্ব দিছে ।
সেইদৰে পূৱ গুৱাহটী সমষ্টিত ৰাইজৰ দলে দিৱস ফুকনক আৰু এজেপিয়ে অদীপ কুমাৰ ফুকনক, বৰক্ষেত্রীত ৰাইজৰ দলে ৰাছেল হুছেইনক আৰু এজেপিয়ে পুলকেশ বৰুৱাক, গোৱালপাৰা পূৱত ৰাইজৰ দলে আমিনুল হকক আৰু এজেপিয়ে ইমছাদ হুছেইনক, লাহোৱালত ৰাইজৰ দলে দিব্যজ্যোতি দত্তক আৰু এজেপিয়ে লিখন বৰুৱাক, ৰঙিয়াত ৰাইজৰ দলে হৰেশ্বৰ বৰ্মনক আৰু এজেপিয়ে বাবুন চহৰীয়াক, তেজপুৰত ৰাইজৰ দলে অলক নাথক আৰু এজেপিয়ে জানমণি বৰাক, ৰহাত ৰাইজৰ দলে ৰুবুল দাসক আৰু এজেপিয়ে উৎপল বণিয়াক, মাহমৰাত ৰাইজৰ দলে লোহিত গগৈক আৰু এজেপিয়ে মাণিক গগৈক, নাওবৈচাত ৰাইজৰ দলে আজিজুৰ ৰহমানক আৰু এজেপিয়ে পুতলী কায়স্থক, মৰাণত ৰাইজৰ দলে মোহিনী মোহন লিগিৰাক আৰু এজেপিয়ে সঞ্জীৱ চাংমাইক, চাবুৱাত ৰাইজৰ দলে প্ৰাক্তন মন্ত্রী ভৱেন বৰুৱাক আৰু এজেপিয়ে ৰাফেল কুজুৰক, ধিঙত ৰাইজৰ দলে মেহবুব মুক্তাবক আৰু এজেপিয়ে অনজান হুছেইনক আৰু থাওৰাত ৰাইজৰ দলে ধৈৰ্য কোঁৱৰক আৰু এজেপিয়ে দ্বীপেন তাঁতীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ।