গুৱাহাটী, ২ নৱেম্বৰ : অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে উপায়ুক্ত আৰুআৰক্ষী অধীক্ষক সন্মিলন (Assam Administrative Staff College)। বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma), মন্ত্ৰী যোগেন মহন, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ।
বৈঠকত অংশগ্ৰহণ কৰে ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে । বৈঠকখনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সন্দৰ্ভত হ’ব আলোচনা (DC and SP meet at Staff college)। দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বৈঠকখন । বৈঠকৰ প্ৰথম পৰ্যায়ত ৪০০ বছৰীয়া লাচিত বৰফুকন জন্মজয়ন্তী আৰু লাচিত বৰফুকন এপৰ সন্দৰ্ভতো আলোচনা হ’ব ৷ ইয়াৰ লগতে মিচন ভূমিপুত্ৰ, EWS ৰ নতুন নিয়মাৱলী, ড্ৰাগছ আৰু NCORD ৰ বিষয়তো হ'ব আলোচনা ।
আনহাতে বিভিন্ন আৰক্ষী থানাত মীমাংসা নোহোৱাকৈ থকা সৰু গোচৰসমূহ কিদৰে খৰটকীয়াকৈ নিষ্পত্তি কৰিব পৰা যাব সেই বিষয়তো কৰা হ'ব আলোচনা । তদুপৰি প্ৰতিখন জিলাৰ বিশেষ ব্যক্তিৰ তালিকা প্ৰস্তুত কৰা বিষয়তো আলোচনা হ’ব এই বৈঠকত । দণ্ডাধীশৰ দ্বাৰা তদন্ত বিষয়ত আলোচনা আৰু AFSPA(Armed Forces Special Powers Act) প্ৰত্যাহাৰ আৰু নিৰাপত্তা বিষয়ে আলোচনা কৰাৰ লগতে বিভিন্ন প্ৰাসংগিক বিষয়ত আলোচনা কৰা হ’ব উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগত ।