গুৱাহাটী,৭মাৰ্চ:গুৱাহাটী মহানগৰীৰ পানীখাইটিস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ত যোৱা ৪মাৰ্চৰ পৰা ৬ মাৰ্চলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা নাক-কান আৰু ডিঙি বিভাগৰ (ENT Department) উত্তৰ পূব ভাৰত শাখাৰ ৩৩ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি পৰে ।
NEBAOI(north eastern Branch of association Otolaryngologist of India)ৰ উদ্যোগত অসম ডাউন টাউন বিশ্ব বিদ্যালয় চৌহদত অনুষ্ঠিত হোৱা NEBAOICON-2022 শীৰ্ষক অনুষ্ঠানৰ প্ৰথম দিনা বিয়লি ভাগত অনুষ্ঠিত হোৱা মুকলি অধিবেশনত মুখ্য অতিথি ৰূপে উপস্থিত থাকে পদ্মশ্ৰী সন্মান প্ৰাপ্ত দেশৰ এগৰাকী প্ৰসিদ্ধ চিকিৎসক প্ৰফেছৰ এছ.কে কাক্কৰ ।
ডঃ আলোক থাকা, এ কে হাণ্ডা আদিকে ধৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰসিদ্ধ চিকিৎসক তথা অভিজ্ঞ চাৰ্জনৰ উপস্থিতিত ENT Surgeons বিভাগত উন্নত কাৰিকৰী কৌশল, উন্নত চিকিৎসা পদ্ধতি, নতুন নতুন চাৰ্জাৰী আদিকে ধৰি চিকিৎসা শাস্ত্ৰৰ বিভিন্ন বিষয় আলোচনা কৰে ।প্ৰথমদিনাৰ মুকলি অধিবেশৰ পিছত বাৰেৰহনীয়া সংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয় ।