গুৱাহাটী, 9 জানুৱাৰী :অৱশেষত ১২ দিনীয়া কাৰ্যসূচীৰে দেওবাৰে সামৰণি পৰিল অসম গ্ৰন্থমেলা 2021 । গ্ৰন্থপ্ৰেমীৰ লানি নিছিগা সোঁত, নতুন কিতাপৰ উন্মোচনী সভা, ভিন্ন বিষয়ৰ মনোজ্ঞ আলোচনা সত্ৰ, বৰ্ণিল সাংস্কৃতিক কার্যসূচী, শিশুৰ ৰং-বিৰং আদি অনুষ্ঠানেৰে উখল-মাখল হৈ থকা অসম গ্ৰন্থমেলাৰ বাকৰি শনিবাৰে নিতাল মাৰিলে (Concludes of assam book fair 2021)।
অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে চানমাৰিস্থিত অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা এই গ্ৰন্থমেলাৰ পৰিৱেশে মুগ্ধ কৰা বুলি মন্তব্য কৰে জ্ঞানপীঠ বিজয়ী কোংকনী ভাষাৰ বিশিষ্ট সাহিত্যিক দামোদৰ মাউজোৱে । সুদুৰ গোৱাৰ পৰা আহি অসম গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত সন্মানীয় অতিথিৰ আসন অলংকৃত কৰা মাউজোৱে লগতে কয়, ‘‘গ্ৰন্থমেলা মানেই হৈছে কিতাপৰ মহোৎসৱ । ইয়াত লেখক-পাঠক আৰু প্ৰকাশকৰ মনঃ সংযোগ ঘটে । নতুন ধ্যান-ধাৰণাৰ আদান-প্ৰদান হয় । ফলত ভাষা-সাহিত্যই নতুন দিশৰ উমান ল'ব পাৰে’’ ।
নতুন গ্ৰন্থৰ প্ৰকাশ মানেই নতুন চিন্তাৰ বাট মুকলি কৰা এটা প্ৰক্ৰিয়া বুলি মন্তব্য কৰি মাউজোৱে কয় যে, গ্ৰন্থৰ গুণগত দিশ উচ্চতৰ হোৱাটো জৰুৰী । কিতাপেই মূলতঃ জ্ঞানৰ আনন্দ প্ৰদান কৰে । সেই দিশৰ পৰা গ্ৰন্থমেলা জ্ঞানৰ মহোৎসৱ বুলি ক'ব পাৰি ।
ক'ভিড পৰিস্থিতিয়ে বিশ্ব সভ্যতাৰ পট পৰিৱৰ্তনৰ প্ৰসংগ উত্থাপন কৰি তেওঁ লগতে কয়, ‘‘সমাগত সময়ে কি বিচাৰে সেই কথা লেখক-সাহিত্যিক চিন্তাবিদসকলে বুজি পাব লাগিব । অসহিষ্ণুতা পৃথিৱীৰ বহু প্ৰান্ততে দেখা যায় । অসহিষ্ণুতা চীন, ফৰাচী, জাৰ্মানী আদি সকলো দেশতে আছে । এয়া একপক্ষীয় নহয় । লেখক-সাহিত্যিকসকলে সকলো অন্যায়ৰে প্ৰতিবাদ কৰাৰ সাহস প্ৰদর্শন কৰিব পাৰিব লাগিব । তেতিয়াহে সমাজ-জীৱনে উচিত দিক নিৰ্দেশনা লাভ কৰিব’’ ।
বিশিষ্ট সাহিত্যিক মাউজোক অসম গ্ৰন্থমেলাৰ তৰফৰ পৰা ফুলাম গামোচা, এড়ী চাদৰ আৰু গ্ৰন্থৰ টোপোলাৰে আদৰণি জনায় অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই । অসম গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননীগোপাল মহন্তই ।
লগতে পঢ়ক :শীঘ্ৰেই প্ৰকাশ পাব ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নৱতম গ্ৰন্থ 'মুখ্যমন্ত্ৰীৰ ডায়েৰী'
ড৹ মহন্তই ভাষণ প্ৰসংগত কয়, ‘‘অসম গ্ৰন্থমেলাৰ সফল সমাপ্তি বৌদ্ধিক জগতৰ বাবে শুভ সংবাদ । ক’ভিড মহামাৰীৰ প্ৰত্যাহ্বানৰ মাজতে গ্ৰন্থৰ বিক্ৰীয়ে ৫ কোটিৰ ঘৰ স্পৰ্শ কৰিব পৰা বুলি জানি আনন্দিত হৈছো । এই ঘটনাই প্ৰমাণ কৰিছে ৰাজ্যখনত কিতাপ পঢ়াৰ সংস্কৃতি গঢ় লৈ উঠিছে’’ ।