অসম

assam

By

Published : Jul 3, 2023, 5:43 PM IST

ETV Bharat / state

Computer teachers hold protests:চকুপানীৰ প্ৰতিবাদে হৃদয় গলাবনে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ?

১৯ বছৰে প্ৰাপ্যৰ পৰা বঞ্চিত ১৩২৬ গৰাকী কম্পিউটাৰ শিক্ষক: চচলৰ প্ৰতিবাদ স্থলীত উচুপি উচুপি এগৰাকী মহিলা প্ৰতিবাদকাৰীয়ে চাকৰি নিয়মীয়াকৰণৰ বাবে মুখ্যমন্ত্ৰীলৈ জনালে কাতৰ আহ্বান ৷

computer teachers hold protests
মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান কম্পিউটাৰ শিক্ষকৰ

মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান কম্পিউটাৰ শিক্ষকৰ

গুৱাহাটী, ৩ জুলাই : ৰাজ্যৰ ১৩২৬ গৰাকী কম্পিউটাৰ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ লগতে বিদ্যালয়ৰ অন্য শিক্ষকৰ সমহাৰত কম্পিউটাৰ শিক্ষকক দৰমহা প্ৰদান কৰাৰ দাবীত সদৌ অসম কম্পিউটাৰ শিক্ষক সন্থাৰ প্ৰতিবাদত উত্তাল হ’ল চচলৰ ধৰ্ণাস্থলী । প্ৰতিবাদী শিক্ষকসকলে হাতে হাতে তেওঁলোকৰ বিভিন্ন দাবী সম্বলিত প্লে’ কাৰ্ড লৈ আমাৰ চাকৰি নিয়মীয়াকৰণ কৰক, চৰকাৰে ভিজন ডকুমেণ্টৰ প্ৰতিশ্ৰুতি পালন কৰক, আমাক স্থায়ী নিযুক্তি প্ৰদান কৰক, আমাৰ দাবী নায্য দাবী আদি শ্ল’গানৰে চচলৰ পৰিৱেশ উত্তাল কৰি তোলে ।

চৰকাৰৰ চৰম বঞ্চনাৰ বাবে যোৱা ১৯ বছৰ ধৰি নায্য প্ৰাপ্তিৰ পৰা বঞ্চিত কম্পিউটাৰ শিক্ষকসকলে আজি এনেদৰে প্ৰতিবাদৰ বাবে ওলাই আহিবলগীয়া হোৱাত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । উল্লেখ্য যে ২০০৪ চনৰ পৰা কৰ্মৰত কম্পিউটাৰ শিক্ষকসকলে অতি নিম্ন পাৰিতোষিকৰে বিদ্যালয়সমূহত কম্পিউটাৰ শিক্ষাৰ পাঠদান কৰি আহিছে । যোৱা ২০১২ চনতে অসম চৰকাৰে কম্পিউটাৰ শিক্ষকৰ দৰমহা প্ৰায় ১৬০০ টকাৰ পৰা ১০,০০০ টকালৈ বৃদ্ধি কৰিছিল ।

প্ৰযুক্তিবিদ্যাৰ প্ৰয়োজনৰ অনুভৱ কৰি ২০১৪ চনত অসম চৰকাৰে কম্পিউটাৰ বিজ্ঞান বিষয়টো নৱম আৰু দশম শ্ৰেণীৰ বাবে ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰি কম্পিউটাৰ শিক্ষকসকলক পাঠদানৰ অনুমতি প্ৰদান কৰিছিল । ২০১৭ চনত চাকৰিৰ চুক্তিৰ ম্যাদ শেষ হোৱাত চাকৰি বিহীন হৈ পৰে শিক্ষকসকল । ফলত বিদ্যালয়সমূহত কম্পিউটাৰ শিক্ষা অচল হৈ পৰে । পুনৰ ২০১৮ চনত কম্পিউটাৰ শিক্ষাৰ গুৰুত্ব অনুভৱ কৰি "বাণীকান্ত কাকতি কম্পিউটাৰ স্বাক্ষৰতা আঁচনি” (BKCLP) নামেৰে আন এখন আঁচনি প্ৰণয়ণ কৰে । এই আঁচনিত পূৰ্বৰ আঁচনিৰ তুলনাত শিক্ষকসকলৰ শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰতো অধিক গুৰুত্ব দিয়ে ।

স্নাতক ডিগ্ৰী ধাৰী হোৱাৰ উপৰিও স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা PGDCA, BCA/MCA ডিগ্ৰী থকাৰ উপৰিও পূৰ্বৰ আঁচনিখনত কমেও চাৰিবছৰ শিক্ষকতা কৰা অভিজ্ঞতা সম্পন্ন শিক্ষকসকলক চৰকাৰে তিনি বছৰীয়া চুক্তি সাপেক্ষে ১৩৪৮ (বর্তমান ১৩২৬ গৰাকী কর্মৰত) গৰাকী শিক্ষকক নিযুক্তি প্ৰদান কৰে । তাৰোপৰি বিগত ২০০৪ চনৰ পৰাই অসম চৰকাৰৰ “কম্পিউটাৰ স্বাক্ষৰতা অসম” গঢ়া আৰু ভাৰত চৰকাৰৰ ডিজিটেল ভাৰতৰ সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ বিদ্যালয় পৰ্যায়ত কম্পিউটাৰ শিক্ষকসকলে নিষ্ঠা সহকাৰে কাম কৰি আহিছে ।

কিন্তু লক্ষ্যণীয় কথা এই যে বিজেপি নেতৃত্বধীন মিত্ৰজোঁট চৰকাৰখনে কম্পিউটাৰ শিক্ষকসকলৰ সমস্যাসমূহ অগ্ৰাধিকাৰ ভিত্তিত পূৰণৰ প্ৰতিশ্ৰুতি দিয়া আৰু ২০১৭ চনৰ ২৮ ফেব্ৰুৱাৰীত অসম বিধানসভাৰ পৱিত্ৰ সদনত কম্পিউটাৰ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব বুলি কেবিনেটত সিদ্ধান্ত লোৱাৰ পিচতো আজিলৈকে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পালন নকৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা প্ৰতিবাদী শিক্ষকসকলে আজিৰ পৰা চচলত দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিবাদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক :Teacher Protest: পুৰণি পেঞ্চন নীতিৰে পেঞ্চন প্ৰদানৰ দাবীত চচলত শিক্ষকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details