অসম

assam

ETV Bharat / state

Opposition party meet: বিৰোধীৰ উমৈহতীয়া বৈঠক ‘ফ্লপ শ্ব’; হিমন্ত বিশ্ব শৰ্মা

বিৰোধীৰ উমৈহতীয়া বৈঠক সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হ’ব বুলি ভীতিগ্ৰস্ত হৈ বিৰোধীয়ে বৈঠকত মিলিত হোৱা বুলি মন্তব্য ৷

By

Published : Jun 25, 2023, 8:04 PM IST

Opposition party meet
Opposition party meet

নিউজ ডেস্ক, 25 জুন:2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ একত্ৰিত হৈছে বিৰোধী ৰাজনৈতিক দলসমূহ ৷ শনিবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ অধ্যক্ষতাত শুকুৰবাৰে পাটনাত 17 টা বিৰোধী ৰাজনৈতিক দল মিলিত হ’ল বৈঠকত ৷ বৈঠকত লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

বিৰোধীৰ এই বৈঠকক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ হিমন্ত বিশ্ব শৰ্মাই কয় যে, এয়া একো নহয় বৰঞ্চ 2024 চনত পুনৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ ভয়হে ৷ তেওঁ লগতে কয় যে, পাটনাত অনুষ্ঠিত বৈঠকত কোনো উল্লেখ্যযোগ্য বিৰোধী নেতাই অংশ লোৱা নাই ৷

হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, ‘‘কেৱল সেই নেতাসকলহে পাটনালৈ গৈছিল যাৰ কংগ্ৰেছৰ সৈতে এক প্ৰকাৰৰ মিত্ৰতা আছে বা যিসকলে ভয় কৰে যে যদি নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হয়, তেন্তে তেওঁলোকৰ বাবে সমস্যা হ’ব ৷’’ বিৰোধীৰ এই বৈঠকক ফ্লপ শ্ব’ আখ্যা দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডী বৈঠকত উপস্থিত নোহোৱা বিৰোধী নেতাসকলৰ ভিতৰত আছিল ৷ ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও বিৰোধীৰ এই বৈঠকক ‘ফটো চেচন’ আখ্যা দি কটাক্ষ কৰে ৷

উল্লেখ্য যে, বিৰোধী দলসমূহৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ’ব ছিমলাত ৷ ছিমলাত অনুষ্ঠিত হোৱা বৈঠকতে বিজেপিৰ বিৰুদ্ধে উমৈহতীয়াভাৱে যুঁজ দিবলৈ এক ৰণনীতি প্ৰস্তুত কৰিব দলকেইটাই ৷ ছিমলাত অনুষ্ঠিত হ’ব লগা বৈঠকৰ অধ্যক্ষতা কৰিব নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ৷

লগতে পঢ়ক:Amit Shah speaks to CM Sarma: অসমৰ ভয়াৱহ বান পৰিস্থিতিকলৈ উদ্বিগ্ন ভাৰত চৰকাৰ

ABOUT THE AUTHOR

...view details