অসম

assam

By

Published : Sep 2, 2020, 7:39 PM IST

ETV Bharat / state

শক্তি বিভাগৰ বাছনি পৰীক্ষাত অনিয়মৰ অভিযোগ: ক্ষুব্ধ প্ৰাৰ্থী

2019 বৰ্ষৰ 28 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হৈছিল এপিডিচিএলৰ চাকৰিৰ খালী পদৰ বাবে বাছনি পৰীক্ষা । প্ৰায় 2.5 লাখ প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত ৷ এই পৰীক্ষাৰ এবছৰ পাৰ হোৱাৰ পিছতো প্ৰকাশ নহ’ল ফলাফল ৷ ফলত ক্ষুব্ধ হৈ পৰিছে পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকল ।

Complaints of irregularities in the selection test of APDCL guwahati assam etv bharat news
শক্তি বিভাগৰ বাছনি পৰীক্ষাত অনিয়মৰ অভিযোগ

গুৱাহাটী,2 চেপ্তেম্বৰ: বিগত 17 মাহে প্ৰকাশ নহ’ল এপিডিচিএল-ৰ চাকৰিৰ খালী পদৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল । বহু আবেদন-নিবেদনৰ পিছতো এইক্ষেত্ৰত কোনো সুফল লাভ কৰা নাই প্ৰাৰ্থীসকলে । 2019 বৰ্ষৰ 28 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হৈছিল এই বাছনি পৰীক্ষা । প্ৰায় 2.5 লাখ প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত ৷ এই পৰীক্ষাৰ এবছৰ পাৰ হোৱাৰ পিছতো প্ৰকাশ নহ’ল ফলাফল ৷ ফলত ক্ষুব্ধ হৈ পৰিছে পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকল ।

শক্তি বিভাগৰ বাছনি পৰীক্ষাত অনিয়মৰ অভিযোগ

পূৰ্বে তিনিবাৰকৈ এই পৰীক্ষাৰ তদন্ত ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা । পিছে সেয়া ফুটুকাৰ ফেনত পৰিণত হোৱা পৰিলক্ষিত হৈছে । সেয়ে এতিয়া ন্যায় বিচাৰি সৰৱ হৈ পৰিছে পৰীক্ষাত অৱতীৰ্ণ হোৱা ৰাজ্যৰ প্ৰাৰ্থীসকল । নিবনুৱাক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰে এনেদৰে প্ৰাৰ্থীসকলক বঞ্চিত কৰি ৰখা কাৰ্যত ক্ষুব্ধ হৈ পৰিছে প্ৰাৰ্থীসকল ৷ যদিহে শীঘ্ৰে চৰকাৰে ফলাফল ঘোষণা নকৰে তেন্তে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰিব প্ৰাৰ্থীসকলে ৷ উল্লেখ্য যে,ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে সামাজিক মাধ্যম টুইটাৰযোগে এই বিষয়ৰ উচিত তদন্তৰ দাবী জনাইছে ।

সমুজ্জল ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া

লগতে চাওকঃঅচিৰেই পৰিৱৰ্তন সাধন হ’ব অসমৰ শিক্ষা বিভাগত

ABOUT THE AUTHOR

...view details