অসম

assam

ETV Bharat / state

অন্ত পৰা নাই পোড্ডাৰ কাৰ ৱৰ্ল্ডৰ প্ৰৱঞ্চনাৰ কাহিনী !

পোদ্দাৰ কাৰ ৱৰ্ল্ডৰ বিৰুদ্ধে ভুক্তভোগী গ্ৰাহকৰ দিছপুৰত সংবাদমেল ৷ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ তুলিছে গ্ৰাহক মন্টু বড়োৱে ৷

By

Published : Dec 23, 2020, 9:25 PM IST

Updated : Dec 24, 2020, 7:04 AM IST

complaints-of-aggrieved-customers-against-poddar-car-world
অন্ত পৰা নাই পোড্ডাৰ কাৰ ৱৰ্ল্ডৰ প্ৰৱঞ্চনাৰ কাহিনী !

গুৱাহাটী, 23 ডিচেম্বৰ : অন্ত পৰা নাই পোদ্দাৰ কাৰ ৱৰ্ল্ড প্ৰৱঞ্চনাৰ কাহিনী ৷ পোদ্দাৰ কাৰ ৱৰ্ল্ডৰ বিৰুদ্ধে ভুক্তভোগী গ্ৰাহকে গুৱাহাটীত সংবাদমেল আয়োজন কৰি প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ তুলিছে ৷ সংবাদমেলত অভিযোগকাৰীৰ ভাষ্য অনুসৰি,বৰ্তমানলৈ প্ৰতিষ্ঠানটোৱে পঞ্জীয়ন প্ৰমাণ পত্ৰ আৰু ইঞ্চোৰেন্সৰ পইচা উভতাই দিয়া নাই গ্ৰাহক মন্টু বড়োক ৷

সংবাদমেলত ভুক্তভোগী গ্ৰাহকৰ মন্তব্য

আনহাতে, প্ৰতিষ্ঠানটোৱে অভিযোগকাৰীৰ বিৰুদ্ধে কেতবোৰ মিছা অভিযোগ তুলা বুলিও উল্লেখ কৰে ৷ আনকি, প্ৰতিষ্ঠানটোৱে ঘটনাৰ পৰা হাত সাৰিবলৈ মিছাৰ আশ্ৰয় লোৱা বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক :জনীয়াত ভাৰতীয় স্থলসেনাই আগবঢ়ালে বিনামূলীয়া স্বাস্থ্য সেৱা

উল্লেখ্য যে, মন্টু বড়ো নামৰ লোকজনে খানাপাৰাস্থিত পোড্ডাৰ কাৰ ৱৰ্ল্ডৰ পৰা এখন চাৰিচকীয়া বাহন ক্ৰয় কৰিছিল ৷ কিন্তু ক্ৰয় কৰাৰ পিচতে বাহনখন পুৰণি বুলি মন্টু বড়োৱে অভিযোগ তুলিছিল ৷ যাৰ ফলত পোড্ডাৰ কাৰ ৱৰ্ল্ডৰ এনে ঠগবাজীক লৈ কাষ চাপিছিল জিলা পৰিবহণ বিষয়া গৌতম দাসৰ ওচৰলৈ ৷

মন্টু বড়োৰ অভিযোগৰ ভিত্তিতে গৌতম দাসে পোড্ডাৰ কাৰ ৱৰ্ল্ডত উপস্থিত হৈ ছীল কৰিছিল প্ৰতিষ্ঠানটো ৷ ইয়াৰ পিচতে পোড্ডাৰ কাৰ ৱৰ্ল্ড কৰ্তৃপক্ষই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷ উচ্চ ন্যায়ালয়ে এক শুনানীৰ জৰিয়তে প্ৰতিষ্ঠানটো খোলাৰ অনুমতি প্ৰদান কৰিছিল ৷ ইয়াৰ পিচতে ভুক্তভোগী মন্টু বড়োয়ে বুধবাৰে সংবাদমেলৰ জৰিয়তে এই ঘটনাক লৈ আদালতলৈ যাব বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক :বৰপেটাত ভুৱা চিকিৎসক আটক

Last Updated : Dec 24, 2020, 7:04 AM IST

ABOUT THE AUTHOR

...view details