অসম

assam

ETV Bharat / state

চিৰিয়াখানা সুৰক্ষা মঞ্চৰ নেতাৰ বিৰুদ্ধে ভিত্তিহীন তথ্য দিয়াৰ অভিযোগ - surakhya mancnh

ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰি সংবাদমেল অনুষ্ঠিত কৰাৰো অভিযোগ ৷ অসম ৰাজ্যিক চিৰিয়াখানাক বদনাম কৰিবলৈ উঠি পৰি লাগিছে চিৰিয়াখানা সুৰক্ষা মঞ্চই

চিৰিয়াখানা সুৰক্ষা মঞ্চৰ নেতাৰ বিৰুদ্ধে ভিত্তিহীন তথ্য দিয়াৰ অভিযোগ

By

Published : Jul 27, 2019, 5:37 PM IST

গুৱাহাটী, 27 জুলাই : চিৰিয়াখানা সুৰক্ষা মঞ্চৰ বিৰুদ্ধে ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰাৰ অভিযোগ ৷ এই অভিযোগ অসম ৰাজ্যিক চিৰিয়াখানাৰ ডি এফ অ' তেজাছ মৰিশ্বামীৰ ৷ ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰি সংবাদমেল অনুষ্ঠিত কৰাৰো অভিযোগ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ ৰাজকুমাৰ বৈশ্য আৰু দীপক পাঠকৰ বিৰুদ্ধে ৷ অসম ৰাজ্যিক চিৰিয়াখানাক বদনাম কৰিবলৈ চিৰিয়াখানা সুৰক্ষা মঞ্চই উঠি পৰি লাগিছে বুলিও উল্লেখ কৰে ডি এফ অ' গৰাকীয়ে । যোৱা দুবছৰত চিৰিয়াখানাত 900 জীৱ- জন্তুৰ মৃত্যু হৈছে বুলি সম্পূৰ্ণ ভিত্তিহীন তথ্য দিছে চিৰিয়াখানা সুৰক্ষা মঞ্চই ৷ মঞ্চই উল্লেখ কৰাৰ দৰে চিৰিয়াখানাত বৰ্তমান মাত্ৰ 400 টা জীৱ জন্তু নহয় 1150 টা জীৱ জন্তু আছে । এই মন্তব্য ডি এফ অ' গৰাকীৰ ৷ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ ৰাজকুমাৰ বৈশ্য আৰু দীপক পাঠকৰ বিৰুদ্ধে ন্যায়ালয়ত গোচৰ ৰুজু কৰিম বুলিও ডি এফ অ' গৰাকীয়ে উল্লেখ কৰে ।

চিৰিয়াখানা সুৰক্ষা মঞ্চৰ নেতাৰ বিৰুদ্ধে ভিত্তিহীন তথ্য দিয়াৰ অভিযোগ

ABOUT THE AUTHOR

...view details