গুৱাহাটী,১৯ মাৰ্চ:প্ৰদেশ কংগ্ৰেছে শুকুৰবাৰে মুখ্যমন্ত্রীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ উত্থাপন কৰি মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েলৈ স্মাৰক পত্র প্ৰেৰণ কৰে । কংগ্ৰেছৰ অভিযোগ যে মুখ্যমন্ত্রীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে চৰকাৰী পদবী লৈ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশ লৈ আছে। এই কাৰ্যসূচীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে ।
মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি উলংঘাৰ অভিযোগ
কংগ্ৰেছৰ অভিযোগ যে মুখ্যমন্ত্রীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে চৰকাৰী পদবী লৈ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশ লৈ আছে। এই কাৰ্যসূচীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে বুলি দাবী কৰে কংগ্ৰেছ দলে ।
নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পূৰ্বে তেওঁ চৰকাৰী পদবীৰ পৰা অব্যাহতি ল'ব লাগিছিল যদিও তেওঁ পদবীত থাকিয়ে দলৰ নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ হৈছে বুলি কংগ্ৰেছে অভিযোগ কৰে । এইক্ষেত্রত মুখ্যমন্ত্রী সোণোৱালেও নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে । সেয়েহে এই ক্ষেত্ৰত নিৰ্বাচনী আয়োগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কংগ্ৰেছে স্মাৰক পত্র যোগে আহ্বান জনায় ।
প্ৰদেশ কংগ্ৰেছৰ আইনী বিভাগৰ তৰফৰ পৰা সাধাৰণ সম্পাদক অধিবক্তা মাধুৰ্য্য চৌধুৰীয়ে এই সন্দৰ্ভত নিৰ্বাচনী আয়োগলৈ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় । সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি একাধিক উপদেষ্টা নিযুক্তি দিছিল । সেইসকল উপদেষ্টাই চৰকাৰী দায়িত্বত থাকিয়েই নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰি আছে নে নাই তাক পুনৰ নিৰীক্ষণ কৰিবলৈ মুখ্য নিৰ্বাচন বিষয়াৰ প্ৰতি প্ৰদেশ কংগ্ৰেছে আহ্বান জনায়।
লগতে পঢ়ক:ধৰ্মপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীৰ মনোনয়ন দাখিল