গুৱাহাটী, 22 অক্টোবৰ: অসম লোকসেৱা আয়োগত ৰাকেশ পালৰ কাৰ্যকালত 2014 বৰ্ষত সংঘটিত ৰাজপত্ৰিত বিষয়া নিযুক্তি কেলেংকাৰিৰ তদন্ত কৰিবৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত অসম চৰকাৰে গঠন কৰা ন্যায়িক তদন্ত আয়োগে সাজু কৰিছে প্রতিবেদন । ন্যায়িক তদন্ত প্রক্রিয়া সম্পূৰ্ণ কৰি চৰকাৰক প্ৰতিবেদন দিয়াৰ বাবে সাজু অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ এজনীয়া ন্যায়িক আয়োগ ।
উল্লেখ্য যে, 12 অক্টোবৰতে আয়োগে ৰাকেশ পালৰ সময়ত 2014 বৰ্ষৰ পৰীক্ষাত সংঘটিত নিযুক্তি কেলেংকাৰিৰ তদন্ত সম্পন্ন কৰি প্রতিবেদন গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে । অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন এজনীয়া তদন্ত আয়োগে তদন্ত সম্পূৰ্ণ কৰি প্রতিবেদন সাজু হৈ থকা বুলি উল্লেখ কৰি চৰকাৰৰ গৃহ বিভাগক এই প্রতিবেদন গ্ৰহণ কৰিবৰ বাবে পত্ৰ প্ৰেৰণ কৰা কেইবাদিনো হ'ল । অৱশ্যে অসম চৰকাৰে আয়োগৰ পত্ৰৰ এই পর্যন্ত কোনো উত্তৰ দিয়া নাই ।
চৰকাৰে শাৰদীয় দুর্গা পূজাৰ পাছতহে প্ৰতিবেদন গ্রহণ কৰাৰ সম্ভাৱনা আছে । উল্লেখ্য যে, ৰাকেশ পাল লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকাৰ সময়ত 2013 আৰু 2014 বৰ্ষত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত লাখ লাখ টকাৰ বিনিময়ত অযোগ্য প্ৰাৰ্থীক উত্তীর্ণ কৰি ৰাজপত্ৰিত বিষয়া পাতি ব্যাপক কেলেংকাৰী সংঘটিত কৰিছিল । এই কেলেংকাৰী পোহৰলৈ অহাৰ পাছত প্ৰথমে ডিব্ৰুগড় সদৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত দুয়োটা বৰ্ষত অবৈধভাৱে নিযুক্তি লাভ কৰা বহু প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰা হয় ।
অৱশ্যে এই গোচৰ চলাৰ পূৰ্বেই গুৱাহাটী উচ্চ ন্যায়ালয়ত এই কেলেংকাৰী সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছিল । ডিব্ৰুগড় আৰক্ষীয়ে তদন্ত কৰি থকাৰ সময়তে উচ্চ ন্যায়ালয়ৰ গোচৰটোৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে অসম চৰকাৰক এই কেলেংকাৰিৰ তদন্ত কৰিবৰ বাবে ন্যায়িক তদন্ত আয়োগ গঠন কৰাৰ নিৰ্দেশ দিছিল । সেই নির্দেশৰ ভিত্তিত অসম চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত তদন্ত আয়োগ গঠন কৰি প্ৰথমে 2013 বৰ্ষৰ কেলেংকাৰীৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে ।