গুৱাহাটী, 1 নৱেম্বৰ :পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো দুটা দিন বাকী ৷ সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীতো চলিছে দীপাৱলীৰ প্ৰস্তুতি ৷ মাটিৰ চাকিৰ সমান্তৰালকৈ বজাৰ ভৰি পৰিছে ৰং-বিৰঙী বিভিন্ন লাইটেৰে ৷ চীনত নিৰ্মিত সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত পূৰ্বতে প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও এইবাৰ এনে সামগ্ৰীৰ ব্যৱসায় তথা ব্যৱহাৰৰ ক্ষেত্ৰত বৰ্তমানলৈকে প্ৰশাসনে জাৰি কৰা নাই কোনো নিৰ্দেশনা ৷
সেয়েহে এতিয়া মুকলিকৈ চীনত নিৰ্মিত দীপাৱলীৰ বিভিন্ন সামগ্ৰীৰ ব্যৱসায় অব্যহত ৰাখিছে মহানগৰীৰ ব্যৱসায়ীসকলে ৷ সেয়েহে এতিয়া মহানগৰীৰ ফাঁচী বজাৰ, গণেশ গুৰি, বেলতলা, বামুনিমৈদান, চান্দমাৰিকে আদি কৰি মহানগৰীৰ প্ৰতিখন বজাৰৰ লগতে পদপথ ভৰি পৰিছে বিভিন্ন ৰং-বিৰঙী চীনা লাইটেৰে ৷
বিগত সময়চোৱাত কৰ’ণা মহামাৰীয়ে সকলোৰে মাজৰ পৰা হৰি নিছিল আনন্দ উচাহ ৷ কিন্তু ক’ৰণা সৃষ্ট পৰিৱেশ কিছু শাম কটাত পৰিস্থিতি কিছু স্বাভাৱিক হৈ উঠিছে ৷ যাৰ পৰিপেক্ষিতত এতিয়া যেন সকলোৰে মাজলৈ পুনৰ যেন নামি আহিছে আনন্দৰ বতৰা ৷ সেয়েহে সকলো যেন উদগ্ৰীৱ হৈ পৰিছে উৎসৱ উদযাপনৰ বাবে ৷
লগতে পঢ়ক :সশস্ত্ৰ সীমা বলৰ সৈতে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বৈঠক
ধনতেৰছৰ পৰা আৰম্ভ কৰি দীপাৱলী উদযাপনৰ বাবে এতিয়া যেন ব্যাকুল হৈ পৰিছে সকলো ৷ ফাঁচী বজাৰৰ এগৰাকী ব্যৱসায়ীয়ে উল্লেখ কৰা অনুসৰি, জেল ৰাইজ, এলিডি, নেট আদি বিভিন্ন ৰং-বিৰঙী লাইট আহিছে বজাৰলৈ । যাৰ মূল্য ২০ টকাৰ পৰা আৰম্ভ কৰি ৫০০ টকা পৰ্যন্ত । অৱশ্যে পূৰ্বৰ তুলনাতকৈ এইবাৰ ৩০% কমকৈ মজুত ৰখা বুলি ইটিভি ভাৰতক জনালে এগৰাকী ব্যৱসায়ীগৰাকীয়ে ।