গুৱাহাটী, 24 জানুৱাৰী: শীতৰ প্ৰবাহত কঁপিছে সমগ্ৰ ৰাজ্য (Cold wave in Assam 2023) ৷ শেহতীয়াকৈ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো সম্প্ৰতি বৃদ্ধি পাইছে শীতৰ প্ৰকোপ । দিনৰ ভাগত শীতৰ মাত্ৰা তুলনামূলকভাৱে কম হ’লেও সন্ধিয়া হোৱাৰ লগে লগে শীত আৰু কুঁৱলীৰ প্ৰকোপ বৃদ্ধি পাই আহিছে ৷ যাৰ ফলত এক প্ৰকাৰে ব্যাহত হৈ পৰে সাধাৰণ জনজীৱন ।
গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এক সূত্ৰৰ মতে, তুলনামূলকভাৱে এইবেলি শীত কিছু পলমকৈ আহিছে। বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত হোৱা বতৰৰ কেতবোৰ পৰিঘটনা তথা দক্ষিণ-পশ্চিম দিশৰ পৰা বতাহ বলি থকা বাবে অসম, অৰুণাচল প্ৰদেশ, ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ অধিকাংশ অঞ্চলেই শীতৰ কৱলত পৰিছে (Assam weather updates ) ।
শীতৰ প্ৰবাহত কঁপিছে সমগ্ৰ ৰাজ্য বিশেষকৈ অৰুণাচল প্ৰদেশৰ এক বৃহৎ অঞ্চল তুষাৰপাতে আবৰি ৰাখিছে । আনহাতে যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ, ডুমডুমা, শদিয়াকে ধৰি সমগ্ৰ উজনি অসম আৰু উত্তৰ লখিমপুৰ, ধেমাজি তথা জোনাইকে ধৰি উত্তৰ অসমৰ এক বিস্তীর্ণ অঞ্চলত এমাহ ধৰি নিশা অব্যাহত আছে শীতৰ প্ৰবাহ । অভাৱনীয়ভাৱে শীতৰ কৱলত পৰা বিগত দিনকেইটাত উজনি অসমৰ যোৰহাট, উত্তৰ লখিমপুৰকে ধৰি কেইবাটাও অঞ্চলত নিশাৰ ভাগত ন্যূনতম তাপমাত্ৰা বহু পৰিমাণে কমি গৈছে ।
ইফালে বিগত 24 ঘণ্টাত শ্বিলং চহৰৰ ন্যূনতম তাপমাত্ৰা আছিল 5.7 ডিগ্ৰী চেলচিয়াছ । ইয়াৰ বিপৰীতে উত্তৰ লখিমপুৰৰ ন্যূনতম তাপমাত্ৰা আছিল 7 ডিগ্ৰী চেলচিয়াছ আৰু ডিব্ৰুগড়ৰ ন্যূনতম তাপমাত্ৰা আছিল 8.6 ডিগ্ৰী চেলচিয়াছ । আনহাতে গুৱাহাটীৰ ন্যূনতম তাপমাত্ৰা আছিল 10.2 ডিগ্ৰী চেলচিয়াছ ।
একেদৰে তেজপুৰৰ ন্যূনতম তাপমাত্ৰা আছিল 10.7 ডিগ্ৰী চেলচিয়াছ, শিলচৰৰ ন্যূনতম তাপমাত্ৰা আছিল 10.9 ডিগ্ৰী চেলচিয়াছ, ধুবুৰীৰ 11.7 ডিগ্ৰী চেলচিয়াছ আৰু যোৰহাটৰ 7.9 ডিগ্ৰী চেলচিয়াছ । ইয়াৰ বিপৰীতে মিজোৰামৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল 5.9 ডিগ্ৰী চেলচিয়াছ, নগালেণ্ডৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল 5 ডিগ্ৰী চেলচিয়াছ, মণিপুৰৰ 4.7 ডিগ্ৰী চেলচিয়াছ আৰু ত্ৰিপুৰাৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল 12.1 ডিগ্ৰী চেলচিয়াছ ।
ইফালে, বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক 26 জানুৱাৰীৰ গণৰাজ্য দিৱসলৈকে অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ কেতবোৰ অঞ্চল প্ৰচণ্ড শীতৰ কৱলত পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে । লগতে গণৰাজ্য দিৱসলৈকে সন্ধিয়া হোৱাৰ লগে লগে শীতৰ প্ৰকোপৰ লগতে ঘন কুঁৱলীৰ প্ৰকোপ বহু বৃদ্ধি পাব বুলিও সদৰি কৰিছে । একে সময়তে দক্ষিণ-পশ্চিমৰ পৰা শীতল বতাহ বলি থাকিব বাবে সন্ধিয়াৰ পাছত ঘৰৰ বাহিৰলৈ ওলাই অহা লোকে শীতৰ সৈতে সহাৱস্থান কৰিব লাগিব বুলিও বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰটোৱে মন্তব্য কৰিছে ।
লগতে পঢ়ক:Cold wave in India: শীতত কঁপিছে উত্তৰ ভাৰত, ব্যাহত ৰে’ল আৰু বিমান সেৱা