গুৱাহাটী, ৩০ এপ্ৰিল: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে কোচিন শ্বিপয়ার্ড লিমিটেডৰ(Cochin Shipyard Limited) জৰিয়তে দেশৰ প্ৰথমখন থলুৱা হাইড্ৰ'জেন ইন্ধনযুক্ত বৈদ্যুতিক জাহাজ নিৰ্মাণৰ সিদ্ধান্ত লৈছে (Hydrogen Fueled Ship)। যাৰ যোগেদি ভাৰতত সেউজ জাহাজ চলাচলৰ দিশত এক যুগান্তকাৰী প্ৰচেষ্টাৰ আৰম্ভণি হ'ব । শনিবাৰে কোচিত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে কোচিন শ্বিপয়ার্ড লিমিটেড আৰু শক্তি তথা সম্পদ প্ৰতিষ্ঠানৰ সৈতে যুটীয়াভাৱে আয়োজন কৰা সেউজ পৰিবহণ সম্পৰ্কীয় কর্মশালাত মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে আৰু বিশ্বব্যাপী সামুদ্ৰিক সেউজ পৰিৱৰ্তনৰ সৈতে তাল মিলাই হাইড্ৰ'জেন ইন্ধনযুক্ত বৈদ্যুতিক জাহাজ নিৰ্মাণৰ ভাৰত চৰকাৰৰ পৰিকল্পনা মুকলি কৰে (Sarbananda Sonowal in green shipping workshop) ৷
সেউজ শক্তি, বহনক্ষম ব্যয়সাপেক্ষ বৈকল্পিক ইন্ধনৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ উদ্ভাৱনীমূলক আৰু নতুন প্ৰযুক্তিগত পৰিৱৰ্তনশীল প্ৰচেষ্টাৰ অংশ হৈছে এই অভিলাষী পদক্ষেপ (Cochin Shipyard to build indigenous hydrogen fuelled vessels)। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী সোণোৱালে কয় যে, ভাৰতীয় অংশীদাৰসকলৰ সহযোগত কোচিন শ্বিপয়ার্ড লিমিটেডে উক্ত প্ৰকল্পক বাস্তৱ ৰূপ প্ৰদান কৰিব আৰু এইক্ষেত্ৰত ভূমিগত কাম ইতিমধ্যে আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী দৃষ্টিভংগী হৈছে ২০৭০ চনৰ ভিতৰত যাতে ভাৰত কাৰ্বন নিৰপেক্ষ দেশলৈ ৰূপান্তৰিত হয় ।
সোণোৱালে কয় যে, মোদীৰ এই লক্ষ্য প্ৰাপ্তিৰ দিশত ভাৰতে এক সবল ভূমিকা গ্ৰহণ কৰিব আৰু লগতে আন্তর্জাতিক সামুদ্ৰিক সংস্থা (আই এম অ')ৰ দ্বাৰা নিৰ্ধাৰিত মান অনুসৰণ কৰিব । যিয়ে ২০৩০ চনৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় জাহাজ চলাচলৰ ক্ষেত্ৰত কাৰ্বনৰ তীব্ৰতা কমেও ৪০ শতাংশ আৰু ২০৫০ চনৰ ভিতৰত ক্ৰমান্বয়ে ৭০ শতাংশলৈ হ্ৰাস কৰাৰ সম্ভাৱনা আছে । সোণোৱালে ভাষণ প্ৰসংগত উল্লেখ কৰে যে ভাৰত এক বহনক্ষম আৰু পৰিষ্কাৰ পৰিৱেশৰ প্ৰতি দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ আৰু ভাৰতে আন্তঃৰাষ্ট্ৰীয় ছ'লাৰ মিত্ৰজোঁটৰ অংশ হিচাপে 'এক সূর্য-এক বিশ্ব-এক গ্ৰিড' পদক্ষেপৰ বাবে সকলোকে আহ্বান জনাইছে ।
অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ প্ৰমুখ্যে আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক প্ৰতিষ্ঠানৰ উচ্চপদস্থ বিষয়া, কোচিন শ্বিপয়ার্ড লিমিটেড, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ বিষয়াসকলকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল । উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক প্ৰতিষ্ঠানৰ সেউজ যাত্ৰা-২০৫০ প্ৰকল্পৰ বাবে ভাৰতক অগ্ৰগামী মুখ্য দেশ হিচাপে নিৰ্বাচিত কৰা হৈছে ।