অসম

assam

ETV Bharat / state

অবৈধ কয়লা ব্যৱসায়ী দীপক ৰাভাৰ মৃত্যু

মহানগৰীৰ ভেটাপাৰাৰ আলোকনগৰত অট্টালিকাৰ পৰা পৰি অবৈধ কয়লা ব্যৱসায়ী দীপক ৰাভাৰ মৃত্যু। দীপক ৰাভাৰ বন্ধু তথা কয়লা মাফিয়া কুলদীপৰ ঘৰত আন কেইবাজনো বন্ধুৰ সৈতে লগ হৈ সুৰাৰ আড্ডা পাতিছিল। হঠাতে আড্ডাস্থলীত হাতীগাঁও আৰক্ষীৰ টহলদাৰী দল আহি উপস্থিত হোৱাত পলাবলৈ চেষ্টা কৰে আটাইকেইজনে। পলায়নৰ চেষ্টা কৰোতেই অট্টালিকাৰ ছাদৰ পৰা পৰি মৃত্যু হয় দীপক ৰাভাৰ।

By

Published : Nov 6, 2020, 5:04 PM IST

অবৈধ কয়লা ব্যৱসায়ী দীপক ৰাভাৰ মৃত্যু
অবৈধ কয়লা ব্যৱসায়ী দীপক ৰাভাৰ মৃত্যু

গুৱাহাটী, ৬ নৱেম্বৰ: সুৰাৰ আড্ডাৰ পৰা পলায়নৰ চেষ্টা চলাওতেই অট্টালিকাৰ পৰা পৰি প্ৰাণ গ'ল অবৈধ কয়লা ব্যৱসায়ী দীপক ৰাভাৰ। কয়লা মাফিয়া কুলদীপ সিঙৰ মহানগৰীৰ ভেটাপাৰাৰ আলোকনগৰস্থিত বাসগৃহৰ ছাদত দীপক ৰাভাসহ কেইবাজনো অবৈধ কয়লা ব্যৱসায়ীৰে জড়িত লোক সুৰাৰ আড্ডাত মিলিত হৈছিল। বুধবাৰে নিশা প্ৰায় ১.৩০ বজাত উক্ত অঞ্চলত হাতীগাঁও আৰক্ষী থানাৰ এটা তহলদাৰী দল আড্ডাস্থলীত উপস্থিত হোৱাত আড্ডাৰ পৰা আটাইকেইজনে পলায়নৰ চেষ্টা চলায় আৰু দৌৰা-দৌৰি কৰাৰ সময়তে দীপক ৰাভা অকস্মাৎ অট্টালিকাৰ ছাদৰ পৰা তললৈ পৰি যায়।

ঘটনাটো সংঘটিত হোৱাৰ লগে লগে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাত আৰক্ষীৰ টহলদাৰী দলটোৱে ৰাভাক উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায়। পিছত উন্নত চিকিৎসাৰ বাবে মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত এপ'ল' হাস্পাতাললৈ লৈ আনে যদিও চিকিৎসকে ৰাভাক মৃত ঘোষণা কৰে। উল্লেখ্য যে, তিনিদিন পূৰ্বে বশিষ্ঠ আৰক্ষীয়ে দীপক ৰাভাৰ বেহাৰবাৰীৰ অবৈধ ডিপোৰ পৰা তিনিখনকৈ কয়লাভৰ্তি ট্ৰাক জব্দ কৰিছিল। এই ট্ৰাককেইখন জব্দ কৰাৰ পিছতে ডিপোৰ পৰা পলায়ন কৰি ৰাভাই আত্মগোপন কৰিছিল কয়লা মাফিয়া কুলদীপৰ ঘৰত।

নিশা আটাইকেইজন বন্ধুয়ে মিলি আড্ডাত মিলিত হোৱাত হাতীগাঁও আৰক্ষীৰ তহলদাৰী দলটো আহি উপস্থিত হয়। আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ অহা বুলি ভাৱি লৰা-ঢপৰা আৰম্ভ কৰাৰ সময়তে দীপক ৰাভা দুৰ্ভাগ্যবশত: অট্টালিকাৰ পৰা তললৈ পৰি মৃত্যু হয় বুলি জানিবলৈ দিয়ে হাতীগাঁও আৰক্ষীয়ে। ৰাভাৰ মৃত্যু সন্দৰ্ভত হাতীগাঁও আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে। উক্ত গোচৰৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে। ইফালে, ৰাভাৰ পত্নীয়ে এয়া এক হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰি এখন এজাহাৰ দাখিল কৰিছে। ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত অব্যাহত আছে। ঘটনাৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব প্ৰকৃততে এয়া মৃত্যু নে হত্যাকাণ্ড।

PLEASE CHANGE THUMBNAIL IMAGE

লগতে পঢ়ক:বিটিচি পৰিষদ গঠনৰ পাছতে বিপিএফে ভূমি পট্টা প্ৰদান কৰিব : হাগ্ৰামা মহিলাৰী

ABOUT THE AUTHOR

...view details