গুৱাহাটী, 25 ডিচেম্বৰঃৰাজ্যত ভয়াৱহ ৰূপ লৈছে কয়লা চোৰাং ব্যৱসায়ে ৷ মহানগৰীত বহুদিন ধৰি চোৰাং কয়লা সৰবৰাহৰ ঘটনা সংঘটিত হৈ আহিছে ৷ যোৰাবাট আৰক্ষীয়ে মঙলবাৰে আৰক্ষী চকীৰ সন্মুখত চলোৱা এক বিশেষ অভিযানত জব্দ কৰে এখন কয়লা ভৰ্তি ট্ৰাক ।
যোৰাবাটত জব্দ কয়লা ভৰ্তি ট্ৰাক - jorabat
মঙলবাৰে মেঘালয়ৰ লাটুমবাইৰ পৰা গুৱাহাটীৰ বেলতলা দিশে গৈ থকা অৱস্থাত এখন চোৰাং কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে যোৰাবাট আৰক্ষীয়ে ।
![যোৰাবাটত জব্দ কয়লা ভৰ্তি ট্ৰাক coal loaded truck seized at jorabat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5487729-thumbnail-3x2-hghgfhfgh.jpg)
মহানগৰীত জব্দ কয়লা ভৰ্তি ট্ৰাক
যোৰাবাটত জব্দ কয়লা ভৰ্তি ট্ৰাক
মেঘালয়ৰ লাটুমবাইৰ পৰা গুৱাহাটীৰ বেলতলা দিশে লৈ গৈ থকা অৱস্থাত AS 01 LC 8260 নম্বৰৰ এখন চোৰাং কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে যোৰাবাট আৰক্ষীয়ে । নথিপত্ৰ অবিহনে যান-বাহন নিয়ম উলংঘা কৰি 35 টন কয়লা মেঘালয়ৰ পৰা গুৱাহাটীলৈ আনিছিল । ট্ৰাক চালক বিপ্লৱ নাথক (25) যোৰাবাট আৰক্ষীয়ে সোধ-পোচৰ বোবে গ্ৰেপ্তাৰ কৰে ।
আৰু পঢ়কঃ গুৱাহাটীত বৰদিনৰ ব্যাপক প্ৰস্ততি