গুৱাহাটী, ১০ ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰীত চালকৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিল CNG গেছ চালিত বাছ সেৱা । শুকুৰবাৰে পুৱাৰে পৰা মহানগৰীৰ ৰাজপথৰ পৰা অন্তৰ্ধান হ’ল CNG গেছ চালিত বাছসমূহ (CNG buses vanish from Guwahati streets)। মহানগৰীৰ ISBT ত শাৰী শাৰীকৈ ৰখাই থৈ প্ৰতিবাদত বহিল CNG বাছৰ চালক তথা হেণ্ডিমেনসকল (CNG Drivers protest demanding regularization of jobs in Guwahati) ।
জানিব পৰা মতে বৃহস্পতিবাৰে দুগৰাকী যাত্ৰীৰ টিকট জমা দিব পৰা নাছিল কৰ্তৃপক্ষক আৰু জমা দিব নোৱাৰাৰ অজুহাততেই দুগৰাকী চালকক চাকৰিৰ পৰা অব্যাহতি দিয়া হয় (CNG bus drivers dismissed) । কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ বিৰোধীতাৰে প্ৰতিবাদত বহিল CNG বাছসেৱাৰ লগত জড়িত কৰ্মচাৰীসকল (CNG bus drivers protest in Guwahati) ৷
প্ৰতিবাদকাৰী চালকৰ অভিযোগ, দিনটোৰ অন্তত কাৰ্যালয়ত তেওঁলোকে জমা দিব লাগে অধিক পৰিমাণৰ ধন । আনহাতে তেওঁলোকৰ যি দৰমহা সেয়াও শ্ৰম অনুসৰি বহু পৰিমানে কম । লগতে দীৰ্ঘদিন ধৰি ন্যূনতম মজুৰিত নিয়মীয়াকৰণ নোহোৱাকৈ ASTC তথা CNG বাছ চলাই থাকিবলগীয়া হোৱাৰ কথা উল্লেখ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী চালকসকলৰ দাবী, তেওঁলোকৰ চাকৰি নিয়মীয়া কৰক আৰু শীঘ্ৰেই দুজন চালকক চাকৰিত নিয়োগ কৰক অন্যথা এই প্ৰতিবাদ দীঘলীয়া হ’ব বুলিও উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে (CNG bus drivers protest) ।