অসম

assam

ETV Bharat / state

গুৱাহাটীত 2020 চনৰ মাৰ্চত অনুষ্ঠিত হ'ব চতুৰ্থ চলচ্চিত্ৰম মহোৎসৱ - চতুৰ্থ চলচ্চিত্ৰম মহোৎসৱ

2020 বৰ্ষৰ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত হ'ব চতুৰ্থ চলচ্চিত্ৰম মহোৎসৱ ৷ গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদমেল চলচ্চিত্ৰম মহোৎসৱৰ শুভাৰম্ভ বিষয়ে ঘোষণা কৰে চলচ্চিত্ৰম সভাপতি ভগৱত প্ৰীতমে ।

2020 চনৰ মাৰ্চত গুৱাহাটীত চতুৰ্থ চলচ্চিত্ৰম মহোৎসৱ

By

Published : Oct 14, 2019, 5:12 AM IST

গুৱাহাটী,13 অক্টোবৰঃ গুৱাহাটীৰ জ্যোতি চিত্ৰবনত 2020 বৰ্ষৰ মাৰ্চ মাহৰ 6 তাৰিখৰ পৰা 8 তাৰিখলৈ অনুষ্ঠিত কৰা হ'ব চতুৰ্থ চলচ্চিত্ৰম মহোৎসৱ । গুৱাহাটী প্ৰেছ ক্লাৱত দেওবাৰে আয়োজিত এখন সংবাদমেল সম্বোধন কৰি চলচ্চিত্ৰম মহোৎসৱ 2020 বিষয়ে বিতং তথ্য প্ৰকাশ কৰে চলচ্চিত্ৰমৰ সভাপতি ভগৱত প্ৰীতমে । চতুৰ্থবাৰলৈ আয়োজিত হ'বলগীয়া এই মহোৎসৱখনত এইবাৰ সৰ্বভাৰতীয় শ্ৰেষ্ঠ চুটি ছবিৰ শিতানৰ বাবে 1 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে ৷ তাৰোপৰি, উত্তৰ-পূবৰ শ্ৰেষ্ঠ ছবিৰ বাবে 50 হাজাৰ টকাৰ পুৰস্কাৰ ধাৰ্য্য কৰাৰ বিপৰীতে শিক্ষাৰ্থীৰ বাবে বিশেষভাৱে ব্যৱস্থা কৰা ছবি শিতানৰ বাবে 10 হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰাৰ কথা ব্যক্ত কৰে সভাপতিগৰাকীয়ে ৷ তিনিদিনীয়া এই চলচ্চিত্ৰম মহোৎসৱত পূৰ্ণ দৈৰ্ঘৰ ছবিৰ লগতে থাকিব বিশেষ তথ্য চিত্ৰ আৰু স্মৰণীয় অসমীয়া ছবিৰ প্ৰদৰ্শনৰ ব্যৱস্থা । মহোৎসৱৰ লগত সংগতি ৰাখি চুটি ছবি প্ৰতিযোগিতাৰ ছবি গ্ৰহণ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ কথা অৱগত কৰে সভাপতি গৰাকীয়ে। এই প্ৰতিযোগিতাৰ বাবে ছবি সমূহৰ বিষয়বস্তু নিৰ্ধাৰণ কৰি দিছে বিচাৰক মণ্ডলীয়ে। ইচ্ছুক ব্যক্তি সকলে " আমাৰ ঐতিহ্য আমাৰ গৌৰৱ "ক বিষয় বস্তু লৈ নিৰ্মাণ কৰিব লাগিব ছবি । ইচ্ছুক সকলে filmfreeway.com ৱেবচাইট যোগে ছবিসমূহ প্ৰতিযোগিতা লৈ পঠিয়াব পাৰিব।

2020 চনৰ মাৰ্চত গুৱাহাটীত চতুৰ্থ চলচ্চিত্ৰম মহোৎসৱ

আনহাতে ছবিসমূহৰ বাবে বিচাৰক মণ্ডলীয়ে বান্ধি দিয়া চৰ্ত সমূহ হৈছে-
2019 চনৰ 1 জানুৱাৰীৰ পৰা 2019 ৰ 31 ডিচেম্বৰৰ ভিতৰত নিৰ্মিত ছবি হ'ব লাগিব ।
পঁচিশ মিনিট সময়ৰ দৈর্ঘৰ চুটি কাহিনী চিত্ৰ , এনিমেছন, আৰু তথ্যচিত্ৰ হ'ব লাগিব ।

এইবাৰ চলচ্চিত্ৰম মহোৎসৱত কেৱল ছবিয়ে নহয় ফটোগ্ৰাফীৰ প্ৰতিযোগিতাও আয়োজন কৰাৰ কথা ব্যক্ত কৰে সভাপতিগৰাকীয়ে । মহোৎসৱৰ সামৰণি উৎসৱত ভাৰতৰ কেইবাগৰাকী জনপ্ৰিয় পৰিচালক আৰু কলা-কুশলীয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । তদুপৰি অধিক তথ্যৰ বাবে chalachitram. in ৱেব চাইটত ইচ্ছ্যুক প্ৰত্যাশীসকলে চাব পাৰিব ৷

আৰু পঢ়ক

ABOUT THE AUTHOR

...view details