অসম

assam

By

Published : Sep 27, 2020, 4:46 PM IST

ETV Bharat / state

বিশ্ব পৰ্যটন দিৱসত CN Travels & Centre for Tourism Studiesৰ বিশেষ পদক্ষেপ

দেওবাৰে বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী মহানগৰীৰ আগশাৰীৰ ট্ৰেভেল এজেন্সি তথা পৰ্যটন শিক্ষা কেন্দ্ৰ CN Travels & Centre for Tourism Studiesয়ে অসম ৰাজ্যিক সংগ্ৰহালয়ৰ সন্মুখত পথাচাৰী আৰু কৰ্তব্যৰত আৰক্ষীৰ লোকসকলৰ মাজত গছপুলি আৰু মাস্ক বিতৰণ কৰে ৷

N Travels & Centre for Tourism Studies' iniciative
CN Travels & Centre for Tourism Studiesৰ বিশেষ পদক্ষেপ

গুৱাহাটী, 27 ছেপ্তেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তত দেওবাৰে পালন কৰা পৰিলক্ষিত হৈছে ‘বিশ্ব পৰ্যটন দিৱস’ ৷ গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলতো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অনুষ্ঠিত কৰা হয় বিভিন্ন কাৰ্যসূচী ৷

আনহাতে, পৰিৱেশ সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে ৰাজ‍্যৰ পৰ্যটন বিভাগে পুৱাৰ ভাগত অনুষ্ঠিত কৰে চাইকেল ৰেলী ৷ ইয়াৰ সমান্তৰালকৈ মহানগৰীৰ আগশাৰীৰ ট্ৰেভেল এজেন্সি তথা পৰ্যটন শিক্ষা কেন্দ্ৰ CN Travels & Centre for Tourism Studiesয়েও ৰূপায়ণ কৰে পৰ্যটন দিৱসৰ কাৰ্যসূচী ৷

CN Travels & Centre for Tourism Studiesৰ বিশেষ পদক্ষেপ

দেওবাৰে পুৱাৰ ভাগত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ সন্মুখত পথাচাৰী আৰু কৰ্তব্যৰত আৰক্ষীৰ লোকসকলৰ মাজত গছপুলি আৰু মাস্ক বিতৰণ কৰে কেন্দ্ৰটোৱে ৷ কেন্দ্ৰটোৰ স্বত্বাধিকাৰী চন্দন নাথৰ পৰিচালনাত ৰূপায়ণ হোৱা পৰ্যটন দিৱসৰ এই কাৰ্যসূচীত প্ৰায় অৰ্দ্ধ শতাধিক পথাচাৰী আৰু আৰক্ষী জোৱানৰ মাজত এই সাহাৰ্য বিতৰণ কৰে ৷

উল্লেখ্য যে, ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনত যুৱ প্ৰজন্মৰ নতুন প্ৰতিভাসকলক উলিয়াই অনাৰ লগতে দেশ-বিদেশৰ বিভিন্ন পৰ্যটকৰ ভ্ৰমণ তথা পৰ্যটনস্থলী প্ৰদৰ্শন কৰোৱাৰ ক্ষেত্ৰত এই কেন্দ্ৰটোৱে বিশেষ ভূমিকা পালন কৰি আহিছে‌ ৷

লগতে পঢ়ক:কলগাছিয়াত পোষণ মেলাৰ ভিন্নৰঙী কাৰ্যসূচী

ABOUT THE AUTHOR

...view details