অসম

assam

By

Published : Apr 26, 2023, 12:48 PM IST

ETV Bharat / state

MP Ajit Bhuyan case: দুৰ্নীতিৰ গোচৰত অভিযুক্ত সাংসদ অজিত ভূঞা

সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷ মুখ্যমন্ত্রী তদাৰকী কোষ তথা চি এম ভিজিলেন্সে গোচৰ ৰুজু কৰিলে সাংসদগৰাকীৰ বিৰুদ্ধে ৷ সাংসদ পুঁজিৰ দুৰ্নীতি-অনিয়ম সন্দৰ্ভত ৰুজু হৈছে গোচৰ (Ajit Bhuyan accused of corruption in MP funds) ৷

MP Ajit Bhuyan issue
অজিত ভূঞাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

গুৱাহাটী, 26 এপ্রিল : বিজেপি চৰকাৰৰ বিৰুদ্ধে সবল স্থিতিৰে সৰৱ হোৱা বাবেই সাংসদ অজিত ভূঞা 'টাৰ্গেট' হৈছে নেকি। শেহতীয়াকৈ এই প্ৰশ্নই বিশেষ চৰ্চা লাভ কৰিছে। কাৰণ সাংসদগৰাকীৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ । বিগত সময়ত সাংসদ পুঁজিৰ দুৰ্নীতি-অনিয়ম সন্দৰ্ভত সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপিত হৈছিল । তেওঁ সকলো অভিযোগ খণ্ডন কৰিছিল যদিও অভিযোগমুক্ত হোৱা নাছিল । অৱশেষত সাংসদ পুঁজিৰ কেলেংকাৰিৰ অভিযোগত ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে মুখ্যমন্ত্রী তদাৰকী কোষ তথা চি এম ভিজিলেন্সে (Case against MP Ajit Bhuyan) ।

প্রাথমিক তদন্তৰ অন্তত চি এম ভিজিলেন্সে গৃহ বিভাগৰ অনুমোদন সাপেক্ষে 7 কোটি টকীয়া সাংসদ পুঁজিৰ বিত্তীয় অনিয়মৰ সন্দৰ্ভত মঙলবাৰে সাংসদসহ মুঠ 14 জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । চি এম ভিজিলেন্সে 2/2023 নম্বৰৰ অধীনত গোচৰ ৰুজু কৰিছে । উল্লেখ্য যে, এই কেলেংকাৰিৰ মূল অভিযুক্তৰ তালিকাত চি এম ভিজিলেন্সে স্থান দিছে সাংসদ ভূঞাৰ লগতে ঠিকাদাৰ আৰু 4 এ চি এছ বিষয়াকো । অভিযুক্তসকলৰ অন্যতম হৈছে নিলম্বিত এ চি এছ বিষয়া শর্মিষ্ঠা বৰা, সুকন্যা বৰা, হেমন্ত কুমাৰ দত্ত আৰু মুনীন্দ্ৰ বৰদলৈ (Assam CM Vigilance) ।

তদুপৰি ঠিকাদাৰ অৰূপ কলিতাৰ উপৰি আন 8 জন লোককো অভিযুক্ত কৰিছে চি এম ভিজিলেন্সে । অভিযোগ অনুসৰি কাম নকৰাকৈ সাংসদ পুঁজিৰ ধন উলিয়াই নিছিল দুর্নীতিগ্রস্ত ঠিকাদাৰে । আনকি অস্তিত্বহীন পথৰ নামতো উপায়ুক্ত কাৰ্যালয়ৰ এ চি এছ বিষয়াই ধন মোকলাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ বিশেষকৈ কামৰূপ আৰু বৰপেটা জিলাত সংঘটিত হৈছিল এই দুর্নীতি (Ajit Bhuyan accused of corruption in MP funds) ।

বিজেপিৰ সহজ 'টাৰ্গেট' হৈছে নেকি সাংসদ অজিত ভূঞা?

পথ নিৰ্মাণৰ 75 শতাংশ কাম সম্পূর্ণ নৌহওঁতেই 100 শতাংশ পথ নিৰ্মাণৰ কামৰ বিলত স্বাক্ষৰ কৰিছিল অতিৰিক্ত উপায়ুক্তই । এই কেলেংকাৰীৰ গোচৰটোত অভিযুক্তৰ তালিকা দীঘলীয়া হ’ব বুলিও ইংগিত দিছে চি এম ভিজিলেন্সৰ সূত্ৰই । পূৰ্বতে দুৰ্নীতিৰ অভিযোগত চি এম ভিজিলেন্সে নিয়মীয়া তদন্তৰ বাবে গোচৰ ৰুজু কৰা দিনটোতে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰে যদিও এই হাই প্ৰফাইল গোচৰটোত চি এম ভিজিলেন্সৰ অধীক্ষক ৰৌজি কলিতাই অজ্ঞাত কাৰণত অভিযুক্তসকলক জামিনৰ বাবে অর্থাৎ আইন সুৰক্ষা লাভ কৰাৰ বাবে সুযোগ দিয়াৰ খবৰ পোহৰলৈ আহিছে ।

অভিযোগ অনুসৰি বৰপেটা চহৰত পথ নিৰ্মাণৰ বাবে আৱণ্টিত হৈছিল ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাৰ সাংসদ পুঁজিৰ ধন । চহৰখনৰ শ্ৰীকমাৰ পথৰ পৰা হৰেণ দাসৰ ঘৰ সংযোগী পথৰ বাবে 8 লাখ টকা, 2 নং গলিয়াহাটীৰ চন্দ্ৰকান্ত শৰ্মাৰ ঘৰৰ পৰা বীৰেন দাসৰ ঘৰলৈ পথটোৰ বাবদ 10 লাখ টকা আৰু শান্তিনগৰ অঞ্চলৰ অশ্বিনী দাসৰ ঘৰৰ পৰা গোকুল পাঠক পথ সংযোগী উপ-পথৰ বাবে আৱণ্টিত হৈছিল 10 লাখ টকা । চহৰখনৰ 3 টাকৈ পথ নিৰ্মাণৰ বিপৰীতে আৱণ্টিত হৈছিল মুঠ 28 লাখ টকা ।

কিন্তু ভিজিলেন্সৰ দলৰ চৰজমিন তদন্তৰ কালত এটাও পথত দেখা পোৱা হোৱা নাছিল আঁচনিৰ তথ্য সম্বলিত কোনো ফলক । লগতে পথকেইটাৰ নির্মাণকাৰ্য ৰূপায়ণৰ ক্ষেত্ৰত একোখনকৈ স্থানীয় লোকৰ দ্বাৰা গঠিত কমিটী থকাটো বাধ্যতামূলক যদিও তিনিওটা পথৰ কমিটীৰ বিষয়ে কোনো অৱগত নাছিল স্থানীয় লোক । যাৰ পৰিপ্ৰেক্ষিতত চি এম ভিজিলেন্সে ৰুজু কৰিছে গোচৰ ।

লগতে পঢ়ক :Palash Moran missing case: অৰুণাচলৰ আপাৰ চিংহাঙত উদ্ধাৰ আলফা কেডাৰ পলাশ মৰাণৰ মৃতদেহৰ অৱস্থিতি

ABOUT THE AUTHOR

...view details