গুৱাহাটী, ৯ ফেব্ৰুৱাৰী : ৰাজ্যজুৰি অব্যাহত আছে বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক অভিযান (operation against child marriage in Assam) । বিগত এসপ্তাহ ধৰি ৰাজ্যত অব্যাহত থকা এই অভিযানক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যদিও মুখ্যমন্ত্রীৰ নিৰ্দেশত আৰক্ষীয়ে চলাই গৈছে গ্ৰেপ্তাৰ প্ৰক্ৰিয়া (Assam CM ordered operation against child marriage) । বৃহস্পতিবাৰে বাল্য বিবাহৰ বিৰুদ্ধে অব্যাহত থকা অভিযান সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে (Himanta Biswa Sarma twitted on child marriage) ।
মুখ্যমন্ত্রীয়ে কয় যে বাল্য বিবাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত থাকিব আৰু এতিয়ালৈকে ২,৬৬৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে (2666 arrested for child marriage in Assam) । সামাজিক শত্ৰুৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে সামাজিক অপৰাধৰ বিৰুদ্ধে চলা এই অভিযানত অসমৰ ৰাইজৰ সমৰ্থন কামনা কৰে । উল্লেখ্য যে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি চাৰি সহস্ৰাধিক গোচৰ ৰুজু হোৱাৰ বিপৰীতে এতিয়ালৈকে ২৬৬৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।
এইখিনিতে উল্লেখ কৰিব লাগিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত যোৱা শুকুৰবাৰৰ পৰা ৰাজ্যত আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান । বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে হঠাতে চলোৱা বৃহৎ অভিযানক লৈ ৰাজ্যজুৰি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত বাল্য বিবাহ কৰা স্বামীৰ উপৰি পৰিয়ালৰ লোক, কাজী, মৌলানা আৰু পুৰোহিতো আছে । ৰাজ্যৰ থানাসমূহ এতিয়া বাল্য বিবাহৰ গোচৰক লৈ ব্যস্ত হৈ পৰিবলগীয়া হৈছে ।