গুৱাহাটী, 3 এপ্ৰিল :কংগ্ৰেছৰ ভিতৰ চ’ৰাত মুখ্যমন্ত্ৰীৰ গুপ্তচৰ ! কোন এই গুপ্তচৰ ? বিতৰ্কৰ আৱৰ্তত কংগ্ৰেছৰ বিধায়িকা নন্দিতা দাস ৷ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভাৰ দৃশ্য মোবাইলত ৰেকৰ্ডিং কৰি বিতৰ্কত সোমাই পৰিছে কংগ্ৰেছৰ বকোৰ বিধায়িকা নন্দিতা দাস ৷ বিধানসভাৰ মজিয়াৰ লগতে বাহিৰতো মাত্ৰ দুদিন পূৰ্বে কংগ্ৰেছ দল তথা বিধায়িনী দলত খবৰ দিয়া নিজৰ মানুহ থকা বুলি মন্তব্য কৰি চৰ্চালৈ আহিছিল ড৹ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CMs spy in congress MLA Nandita Das) ৷
উক্ত সময়চোৱাত কংগ্ৰেছৰ কেইবাগৰাকীও বিধায়কৰ প্ৰতি উঠিছিল সন্দেহৰ আঙুলি ৷ তাৰ ভিতৰত অন্যতম আছিল বিধায়িকা নন্দিতা দাস ৷ তাৰ পিছতেই নন্দিতা দাসৰ লগতে সন্দেহজনক চাল-চলনৰ কেইবাগৰাকীও বিধায়কৰ ওপৰত কংগ্ৰেছ দলে নজৰ ৰখা পৰিলক্ষিত হৈছিল ৷ দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছিল প্ৰদেশ কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা ৷ উক্ত সভাতেই আলোচনা হৈছিল ভালেসংখ্যক গোপনীয় বিষয় সন্দৰ্ভত ৷ প্ৰদেশ কংগ্ৰেছৰ এই সভাত ভাষণ দি আছিল এআইচিচিৰ সম্পাদক পৃথ্বিৰাজ সাথেয়ে ৷ তেতিয়াই নিজৰ মোবাইলত সভাৰ দৃশ্যাংশ গোপন কায়দাৰে ৰেকৰ্ডিং কৰিছিল বিধায়িকা নন্দিতা দাসে ৷ লগতে আন একাংশ নেতাৰ ভাষ্যও ৰেকৰ্ডিং কৰিছিল বিধায়িকা দাসে (Boko MLA Nandita Das controversy) ৷
সম্প্ৰতি নন্দিতা দাসে ৰেকৰ্ডিং কৰা ভিডিঅ’ কংগ্ৰেছ দলত ৰাজহুৱা হৈ পৰিছে ৷ বিধায়িকাগৰাকীৰ এইকাণ্ডই তোলপাৰ লগাইছে কংগ্ৰেছৰ ভিতৰ চ’ৰাত ৷ এই প্ৰসংগত ইটিভি ভাৰত অসমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এপিচিচিৰ সভাপতি ভূপেন বৰাই কয় -“ভগৱানৰ ওপৰত আমাৰ বিশ্বাস আছে ৷ আমাৰ ওপৰত ভগৱানৰ সুদৃষ্টি পৰিছে ৷ ৰাইজে কংগ্ৰেছ দলটো ভাল হোৱাটো বিচাৰিছে ৷ এতিয়া দলটোৰ ভিতৰৰ আমাৰ বহুলোকৰ আত্মশুদ্ধি কৰাৰ সময় ৷”