গুৱাহাটী, 15 মে’: ৰাজ্য প্ৰশাসনৰ সকলো কাম কাজ মসৃণভাৱে পৰিচালনা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই নিজৰ পচন্দৰ আৰু সুদক্ষ বুলি বিবেচনা কৰা একাংশ বিষয়াক লৈ পুনৰ গঠন কৰিছে মুখ্যমন্ত্ৰীৰ সচিবালয় । মনকৰিবলগীয়া যে, মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই ড৹ শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অতিৰিক্ত মুখ্য সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি থকা পৱন কুমাৰ বৰঠাকুৰক বদলিৰ নিৰ্দেশ দিছিল ।
পৱন কুমাৰ বৰঠাকুৰক আঁতৰাই মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰূপে নতুনকৈ নিযুক্তি দিয়া হৈছিল জ্যেষ্ঠ প্ৰশাসনিক বিষয়া সমীৰ কুমাৰ সিন্হাক । সিন্হা আছিল স্বাস্থ্য বিভাগৰ প্ৰধান সচিব ।
নতুন মুখেৰে সাজু মুখ্যমন্ত্ৰীৰ সচিবালয় আনহাতে,সমীৰ কুমাৰ সিন্হাৰ উপৰিও আন একাংশ আমোলা-বিষয়াক নতুন নতুন দায়িত্ব অৰ্পণ কৰি মুখ্যমন্ত্ৰীৰ সচিবালয়লৈ বদলি কৰি অনা হৈছে । সেই অনুসৰি অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰি থকা আন এগৰাকী প্ৰশাসনিক বিষয়া দেৱ কুমাৰ মিশ্ৰক বদলি কৰা হৈছে মুখ্যমন্ত্ৰীৰ প্ৰধান ব্যক্তিগত সচিবৰূপে ।
নতুন মুখেৰে সাজু মুখ্যমন্ত্ৰীৰ সচিবালয় একেদৰে, কৃষি বিভাগৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি থকা ঘনশ্যাম দাসক মুখ্যমন্ত্ৰীৰ সচিবৰূপে বদলি কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ যুটীয়া সচিব পদত নতুনকৈ নিযুক্তি দিয়া হৈছে সীমান্ত কুমাৰ দাসক । পূৰ্বতে সীমান্ত কুমাৰ দাস তিনিচুকীয়াৰ জিলা উন্নয়ন আয়ুক্তৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল ।
লগতে পঢ়ক-দিনযোৰা কাৰ্যসূচীৰে তিনিচুকীয়াত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা