গুৱাহাটী, 14 মে' :বৃহস্পতিবাৰে চন্দ্ৰপুৰৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ এক অনুষ্ঠানত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী নৱ কুমাৰ দলে ৷ কামৰূপ মহানগৰ জিলা আৰু চন্দ্ৰপুৰ খণ্ড অভিযান পৰিচালনা গোটৰ অন্তৰ্গত আত্ম সহায়ক গোট "অসমী মাস্ক উৎপাদন কেন্দ্ৰত" উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে মাস্ক উৎপাদন কেন্দ্ৰ পৰিদৰ্শন কৰে ৷
পৰিদৰ্শন অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কৰ'ণা আতংকৰ সময়ত দেশৰ ভিন্ন প্ৰান্তৰ পৰা অসমলৈ অহা যাত্ৰী সকলক স্বাস্থ্য বিভাগৰ সকলো নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনাই ৷ লগতে, কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে অসমৰ ৰাইজক দৃঢ়তাৰে যুজঁ দিবলৈ আহ্বান জনায় ।