অসম

assam

ETV Bharat / state

আঞ্চলিক পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান পৰিদৰ্শন মুখ্যমন্ত্ৰী-কৃষিমন্ত্ৰীৰ - সঞ্চালক নিত্যানন্দ মহন্ত , ফাৰ্ম খনৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল ভৰদ্বাজে ফাৰ্ম খনৰ বিষয়ে মুখ্যমন্ত্ৰী আৰু কৃষি মন্ত্ৰীগৰাকীক অৱগত কৰে

সোমবাৰে মহানগৰীৰ পাশ্বৱৰ্তী এলেকা ৰাণীস্থিত পাম পৰিচালনা প্ৰশিক্ষণ কেন্দ্ৰ তথা আঞ্চলিক পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীৰ লগতে কৃষি মন্ত্ৰী অতুল বৰাই ৷ ফাৰ্মখনত থকা গাহৰিৰ লগতে পশুধনৰ বুজ লোৱাৰ উপৰিও বিভাগীয় কতৃপক্ষৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰী দুগৰাকী ৷

CM visit National Research Centre Pig
আঞ্চলিক পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান পৰিদৰ্শন মুখ্যমন্ত্ৰী-কৃষিমন্ত্ৰীৰ

By

Published : May 4, 2020, 8:33 PM IST

আজাৰা, 4 মে' : আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৰাজ্যৰ শতাধিক গাহৰি ৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পিছত অসমত দেখা দিয়া এই ৰোগৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে ৰাজ্যৰ গাহৰি পালক সকল ৷

ইতিমধ্যে এই ৰোগৰ নিৰাময়ৰ বাবে কৃষি মন্ত্ৰী অতুল বৰাই ৰাজ্যৰ গাহৰি ফাৰ্ম সমূহ পৰিদৰ্শন কৰাৰ লগতে ৰাজ্যৰ বহু জিলাত সাময়িকভাবে স্থগিত ৰখা হৈছে গাহৰি মাংস বিক্ৰী ৷

সোমবাৰে গুৱাহাটী মহানগৰীৰ পাশ্বৱৰ্তী এলেকা ৰাণীস্থিত পাম পৰিচালনা প্ৰশিক্ষণ কেন্দ্ৰ তথা আঞ্চলিক পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কৃষি মন্ত্ৰী অতুল বৰাই ৷ মন্ত্ৰী দুগৰাকীয়ে ফাৰ্মখনত থকা গাহৰি আৰু পশুধন সমূহ চোৱা-চিতা কৰাৰ লগতে ফাৰ্মখনৰ পৰিস্থিতিৰ বুজ লয় ৷

আঞ্চলিক পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান পৰিদৰ্শন মুখ্যমন্ত্ৰী-কৃষিমন্ত্ৰীৰ

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্ত্ৰী অতুল বৰাক লগত লৈ প্ৰতিষ্ঠানটোৰ প্ৰেক্ষাগৃহত বিভাগীয় কৰ্তৃপক্ষৰ সৈতে এই সম্পৰ্কত এক আলোচনাত মিলিত হয় । এই আলোচনাত ফাৰ্ম প্ৰতিষ্ঠানখনৰ সঞ্চালক নিত্যানন্দ মহন্ত , ফাৰ্ম খনৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল ভৰদ্বাজে ফাৰ্ম খনৰ বিষয়ে মুখ্যমন্ত্ৰী আৰু কৃষি মন্ত্ৰীগৰাকীক অৱগত কৰে ।

আঞ্চলিক পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান পৰিদৰ্শন মুখ্যমন্ত্ৰী-কৃষিমন্ত্ৰীৰ

উল্লেখযোগ্য যে, ইতিমধ্যে ৰাজ্যত আফ্ৰিকান ছোৱাইন ফিভাৰত প্ৰায় 2600 টা গাহৰিৰ মৃত্যু হৈছে ।

লগতে পঢ়ক : বঙাইগাঁৱৰ কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details