গুৱাহাটী, 26 জানুৱাৰী :মঙলবাৰে সমগ্ৰ দেশজুৰি উদযাপন কৰা হয় 72 সংখ্যক গণৰাজ্য দিৱস ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অতি উলহ-মালহেৰে উদযাপন কৰা হৈছে গণৰাজ্য দিৱস ৷ গণৰাজ্য দিৱস উপলক্ষে মহানগৰী সাতগাঁৱৰ বাঘৰবৰী স্থিত "লাইফ লাইন কেয়াৰ হোম'' আবাসত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ গণৰাজ্য দিৱস উপলক্ষে "লাইফ লাইন কেয়াৰ হম''ৰ আবাসী ককা-আইতা সকলৰ মাজত ফল-মূল বিতৰণ কৰে অসমৰৱ মুখ্যমন্ত্ৰী গৰাকীয়ে ।
"লাইফ লাইন কেয়াৰ হোম''ত সংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত, "লাইফ লাইন কেয়াৰ হম'' আবাস গৃহটো পৰিচালনা কৰা NEVARD নামৰ সংস্থাটোৰ কাম-কাজৰ শলাগ লয় মুখ্যমন্ত্ৰী সোণোৱালে ৷ লগতে সকলো লোককে এনে অনুষ্ঠান সমূহ আন্তৰিকতাৰে আদৰি ল’বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ।