গুৱাহাটী, ২২ অক্টোবৰ :গুৱাহাটী পৌৰ নিগমৰ বোকা নিষ্কাশন কেলেংকাৰীত (GMC fooling disposal scam) সাঙোৰ খাই গ্ৰেপ্তাৰ হোৱা বিষয়াক লগত লৈ ঘৰে ঘৰে অভিযান CM Vigilance-ৰ । CM ভিজিলেন্সৰ পৃথক পৃথক তিনিটা দলে মহানগৰীৰ চাৰি স্থানত শনিবাৰে অভিযান চলায় । স্বচ্ছতা বিষয়া আছিফ আহমেদৰ ছয়মাইলস্থিত ঘৰত CM ভিজিলেন্সৰ দলে অভিযান চলায় (CM vigilance raid at GMC officials residence) ।
আছিফ আহমেদৰ ঘৰত অভিযান চলাই চি এম ভিজিলেন্সে জব্দ কৰে দুটাকৈ আই টি ৰিটাৰ্ণ ফাইল । লগতে GMC-ৰ বহু তথ্য সম্বলিত অন্য এটা ফাইলো জব্দ কৰে । আনহাতে, পাঞ্জাবাৰীৰ এলেন বেগমৰ মঞ্জুশ্ৰী এপাৰ্টমেণ্টতো অভিযান চলাই জিএমচিৰ নথি-পত্ৰ জব্দ কৰে । লগতে বেলতলাৰ নতুন বজাৰস্থিত চিনছান গ্লোবেল ভেন্সাৰ প্ৰাইভেট লিমিটেডৰ কাৰ্যালয়ত অভিযান চলাই গাড়ীৰ নথি-পত্ৰ জব্দ কৰাৰ লগতে ডিনছান গ্লোবেল ভেন্সাৰ প্ৰাইভেটৰ সঞ্চালক দীনেশ জয়ছোৱাল ঘৰতো অভিযান চলায় ।
উল্লেখ্য, গুৱাহাটী পৌৰ নিগমৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট (CA) অভিমন্যু মেধি, মুখ্য অভিযন্তা তছদিকুৰ ৰহমান আৰু কাৰ্যবাহী অভিযন্তা সীমান্তজ্যোতি বৰুৱা আৰু ঠিকাদাৰ মিঠু আগৰৱালা এইমুহূৰ্তলৈকে পলাতক অৱস্থাত আছে । আনহাতে, জিএমচিৰ বোকা কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া তথা জিএমচিৰ OSD বাবুলাল শৰ্মাক জিএমচিৰ OSD পদৰ পৰা অপসাৰণ কৰা হয় ।