অসম

assam

ETV Bharat / state

SCERT Scam: ব্লেকমেইলাৰ ৰবিজিৎ গগৈ আৰু পূজামণি দাসক লগত লৈ ভিজিলেন্সৰ অভিযান - Journalist accused for SCERT scam

SCERT কেলেংকাৰী সন্দৰ্ভত অব্যাহত আছে তদন্ত ৷ ইতিমধ্যেই এই কেলেংকাৰীৰ সৈতে জড়িত 4 গৰাকী সাংবাদিক আৰু আৰটিআই কৰ্মীক গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ৷ শুকুৰবাৰেও কেলেংকাৰীৰ অন্যমত অভিযুক্ত ৰবিজিৎ গগৈৰ এপাৰ্টমেণ্টত চলিব অভিযান ৷

SCERT Scam
SCERT Scam

By

Published : Jun 2, 2023, 5:51 PM IST

গুৱাহাটী, ২ জুন: SCERT ৰ 105 কোটি টকীয়া কেলেংকাৰীৰে কঁপাইছে ৰাজ্য ৷ এই কেলেংকাৰীত জড়িত হৈ ধনৰ ভাগ লোৱা 4 গৰাকী সাংবাদিক, RTI কৰ্মীক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে (Assam SCERT scam) ৷

শুকুৰবাৰে SCERT কেলেংকাৰীৰ অন্যতম অভিযুক্ত RTI কৰ্মী ৰবিজিৎ গগৈক লগত লৈ অভিযোন চলাই তদন্তকাৰী দলে ৷ গুাৱাহাটীৰ ঘোৰামৰাৰ উত্তাৰায়ন হাইট এপাৰ্টমণ্টত চলে এই অভিযান ৷ এই অভিযানকালত তদন্তকাৰী দলে বিভিন্ন নথিপত্ৰ জব্দ কৰা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, ঘোৰামৰাস্থিত এই এপাৰ্টমণ্টোৰ ১০৪ নম্বৰ গৃহত বাস কৰিছিল ৰবিজিৎ গগৈয়ে । বছৰ বছৰ ধৰি এই এপাৰ্টমণ্টোৰে বাসিন্দা আছিল গগৈ । লাভ কৰা তথ্য অনুসৰি উত্তাৰায়ন হাইট এপাৰ্টমেণ্টত আছে SCERT কেলেংকাৰীৰ অন্য এজন অভিযুক্ত অনুপ শইকীয়াৰ এটা ঘৰ । প্ৰায় ছয়মাহ পূৰ্বে নতুনকৈ ক্ৰয় কৰিছিল গৃহটো । অনুপ শইকীয়াই উত্তাৰায়ন হাইট এপাৰ্টমণ্টৰ ৫০৬ নম্বৰ গৃহটো ক্ৰয় কৰিছিল বুলি জানিব পৰা গৈছে ৷ বৰ্তমানো মেৰামতিৰ কাম চলি আছে গৃহটোৰ (SCERT scam update)।

উল্লেখ্য যে আজিৰ অভিযানত ভিজিলেঞ্চৰ দলটোৰ লগত আছিল সাংবাদিক পূজা দাস ওৰফে হানী কাশ্যপ । পূজা দাসক লগত লৈ পুনৰ ভিজিলেঞ্চে চলাব অভিযান‌ । পূজা দাসৰ মিৰ্জাস্থিত ঘৰত তদন্তকাৰী দলে চলাব এই অভিযান ৷ পূজাই বিশাল ধনৰাশি ক’ত ব্যয় কৰিলে সেয়া জনাৰ চেষ্টা চলাইছে ভিজিলেন্সৰ দলটোৱে ৷ পূজা দাসৰ পৰিয়ালৰ লোককো সোধা-পোছা কৰিব তদন্তকাৰী দলটোৱে (SCERT scam investigation) ৷

স্মৰ্তব্য যে SCERT কেলেংকাৰীৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে দুই সাংবাদিক পূজা মণি দাস আৰু ভাস্কৰজ্যোতি হাজৰিকাৰ লগতে আৰ টি আই কৰ্মী ৰবিজিৎ গগৈ আৰু অনুপ শইকীয়াক ধৃত আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল । জানিব পৰা মতে SCERTৰ প্ৰাক্তন সঞ্চালক তথা আই এ এছ বিষয়া শেৱালি দেৱী শৰ্মাৰ পৰা পূজামণি দাসে ৮ লাখ ৭০ হাজাৰ টকা, ভাস্কৰ হাজৰিকাই ৪ লাখ টকা, অনুপ শইকীয়াই ৩৫ লাখ টকা লৈছিল । অনুপ শইকীয়াই লোৱা ৩৫ লাখ টকা ৰবিজিৎ গগৈৰ লগত ভাগ বতৰা হৈছিল (Journalist accused for SCERT scam)।

এই কেলেংকাৰীৰে জড়িত থকা সাংবাদিক, আৰটিআই কৰ্মীৰ তালিকা আৰু দীঘল হোৱাৰ সম্ভাৱনা আছে ৷ কিছুদিন পূৰ্বে এই কেলেংকাৰীৰ সৈতে 12 গৰাকী সাংবাদিক, আৰটিআই কৰ্মী আৰু ৰাজনৈতিক দলৰ নেতা জড়িত আছে বুলি উল্লেখ কৰিছিল স্বয়ং মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (CM on SCERT scam) ৷ এতিয়া তদন্তৰ পাচতহে পোহৰলৈ আহিব নাৰিকলৰ পানী খাবলৈ পোৱা আন 8গৰাকী কোন কোন ?

লগতে পঢ়ক:SCERT scam: কেঁচু খান্দোতে ওলাইছে সাপ ! সাংবাদিকৰ পৰা আৰ টি আই কৰ্মীলৈ নামিছে ব্লেকমেইলিঙত

ABOUT THE AUTHOR

...view details